মোক সুযোগ দিয়ক, মই কথা দিছোঁ; এটকাৰো দুৰ্নীতি হ’ব নিদিওঁঃ বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ প্ৰতিশ্ৰুতি

নলবাৰী জিলাৰ মুকালমুৱাত বিধায়ক দিগন্ত বৰ্মনে ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মূল দলীয় কাৰ্যালয় মুকলি কৰি অনুষ্ঠিত কৰা যোগদান সভাত ৰাইজলৈ এনেদৰে আহ্বান জনায়-“আমাক জয়ী কৰাওক। গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন জনহিতৈষী চৰকাৰ গঠন কৰিবলৈ আমাক সুবিধা দিয়ক। মই কথা দিছো, ক্ষমতাৰ স্বাৰ্থত ভাঙি-ছিঙি লণ্ডভণ্ড কৰা বৰক্ষেত্ৰীক আমি পুনৰ জোৰা লগাম।

কেৱল ক্ষমতাৰ লোভত বৰক্ষেত্ৰীক আজি টুকুৰা-টুকুৰ কৰা হ’ল। হিন্দু-মুছলিমৰ মাজত বিভাজন আনি তেওঁলোকে নিৰ্বাচন জিকিব বিচাৰে। ৰাইজৰ স্বাৰ্থত তেওঁলোকে একো কৰা নাই;তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হ’ল যিকোনো প্ৰকাৰে গাদী দখল কৰা আৰু লুণ্ঠন চলাই যোৱা। বৰক্ষেত্ৰীত উন্নয়নৰ নামত কেৱল লুণ্ঠন চলিছে। যিদৰে আগতে ২৩১ কোটি টকাৰ দুৰ্নীতি হৈছিল, এইবাৰো প্ৰায় ৩০০ কোটি টকাৰ লুণ্ঠন চলোৱা হৈছে। এই সকলোবোৰ তথ্য মই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিম। মই সদায় সততাৰ ৰাজনীতি কৰি আহিছো। মই ৰাইজক কথা দিছো, আগন্তুক দিনত মই এটকাৰো দুৰ্নীতি হ’বলৈ নিদিওঁ।

আমাৰ লক্ষ্য কেৱল উন্নয়ন আৰু বৰক্ষেত্ৰীৰ ঐক্য।” ৩৮ নং বৰক্ষেত্ৰী সমষ্টিত বিৰোধী ঐক্যৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি আৰু যোগদান কাৰ্যসূচীত অংশ লৈ সমষ্টিটোত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰে বিধায়ক দিগন্ত বৰ্মন। পিছে সমাগত বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰীবাসী ৰাইজে কাৰ পক্ষত জনমত প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles