Diganta Bharati: ক্ষমা নোখোজে পূব গুৱাহাটী বিহু সন্মিলনীয়ে !

ৰঙালীৰ ৰঙে সমগ্ৰ অসম ৰঙীণ কৰি তোলাৰ সময়তে শেহতীয়াকৈ এগৰাকী শিল্পীক অপমান কৰাৰ অভিযোগে সমগ্ৰ ৰাজ্যতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ (Diganta Bharati)চানমাৰিত পূব গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত আয়োজিত সাংস্কৃতিক সন্ধিয়াত জাতীয় সাজ-পাৰ পৰিধান কৰি মঞ্চত প্ৰৱেশ নকৰাৰ বাবেই শিল্পী দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিয়াৰ ঘটনাই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

এই প্ৰতিক্ৰিয়া কেৱল সাধাৰণ জনতাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, এই প্ৰতিক্ৰিয়াই এতিয়া শিল্পী সমাজৰ মাজতো আলোড়নৰ সৃষ্টি কৰিছে৷ শিল্পী দিগন্ত ভাৰতীৰ বহু কালজয়ী গীত ইতিমধ্যে নৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে গাইছে৷ এনে সময়তে শিল্পী দিগন্ত ভাৰতীক ৰাজহুৱাভাৱে অপমান কৰাৰ বিষয়টোক সেয়ে জুবিন গাৰ্গে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷ সেই বাবে উক্ত ঘটনাক গৰিহণা দি জুবিন গাৰ্গে পূব গুৱাহাটী বিহু সন্মিলনীক দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খোজাৰ অনুৰোধৰ পৰিৱৰ্তে ‘আদেশ’ প্ৰদান কৰিছে৷ জুবিন গাৰ্গৰ এনে ‘আদেশ’ৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পূব গুৱাহাটী বিহু সন্মিলনীয়ে৷ অসম তথা ভাৰতৰ এগৰাকী প্ৰতিষ্ঠিত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিভা তথা অৱদানক একপ্ৰকাৰ একাষৰীয়া কৰি পূব গুৱাহাটী বিহু সন্মিলনীয়ে কোনো পৰিস্থিতিতে উক্ত ঘটনাৰ বাবে ক্ষমা নোখোজো বুলি ঘোষণা কৰিছে৷ শুকুৰবাৰে অনুষ্ঠিত কৰা এখন সংবাদমেলত পূব গুৱাহাটী বিহু সন্মিলনীৰ সভাপতিয়ে এনেদৰে ঘোষণা কৰে৷ জুবিন গাৰ্গৰ মন্তব্যক একাষৰীয়া কৰি পূব গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি বিপুল তালুকদাৰে কয় যে দিগন্ত ভাৰতীৰ সৈতে সন্মিলনীয়ে কোনো চুক্তি কৰা নাছিল৷

সেয়ে তেওঁ কিয় মঞ্চত উঠিল সেয়া সন্দেহৰ বিষয়৷ লক্ষণীয় কথাটো হৈছে এগৰাকী দৰ্শক হিচাপে চানমাৰি বিহুতলীত উপস্থিত থকা শিল্পী দিগন্ত ভাৰতীক একপ্ৰকাৰ জোৰ কৰিয়েহে মঞ্চলৈ মাতি নিয়া হৈছিল৷ দিগন্ত ভাৰতীয়ে তাৰ পিছত তেওঁক লৈ কৰা আচৰণক তালিবানী আচৰণ বুলি অভিহিত কৰিছে৷ দিগন্ত ভাৰতীয়ে লগতে বিহু সমিতিৰ কৰ্মকৰ্তাসকলে মদ্যপান কৰি আছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আজি অনুষ্ঠিত সংবাদ মেলত কৈছে পূব গুৱাহাটীৰ বিহু সন্মিলনীৰ কোনো এগৰাকী কৰ্মকৰ্তাই মদ খোৱাৰ অভিযোগ খণ্ডন কৰাৰ সাহস প্ৰদৰ্শন কৰা পৰিলক্ষিত নহ’ল৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিষয়টোক লৈ পূব গুৱাহাটী বিহু সন্মিলনীক নেটিজেনে তুলাধূনা দিয়া পৰিলক্ষিত হৈছে৷ কিন্তু ইমানৰ পিছতো পূব গুৱাহাটী বিহু সন্মিলনীয়ে নিজৰ স্থিতিৰ পৰা আঁতৰি যোৱা নাই অথবা তেওঁলোকৰ কৰ্মকৰ্তাই যে মদ খাই দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিছিল সেই কথাও খণ্ডন কৰিবলৈ সাহস কৰা নাই বুলি বিভিন্নজনে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে৷

Related Articles