খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দিগদর্শন আৰু ব্যক্তিত্ব বিকাশ অনুষ্ঠান

ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা আৰু উপদেশ দিয়াৰ উদ্দেশ্যৰে খৈৰাবাৰী আঞ্চলিকৰ অন্তৰ্গত চাবুকধৰা গাঁ‌ৱত “দিগদৰ্শন আৰু ব্যক্তিত্ব বিকাশ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মহানন্দ ৰাভাই পৰিচালনা কৰা সভাখনত উপস্থিত ক্ৰমে,কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ যুতিয়া সম্পাদক সুভাষ চন্দ্ৰ ৰাভা।মঙলদৈ কলেজৰ অধ্যাপক কমলাকান্ত বৰুৱা।


ৰাভা উন্নয়ন দাবী পৰিষদৰ উপ সভাপতি প্ৰফুল্ল কুমাৰ ৰাভা।ওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী অহেলা ৰাভা।সাধাৰণ সম্পাদিকা জয়ন্তী ৰাভা।ওদালগুৰি জিলা ৰাভা ছাত্ৰসন্থাৰ সভাপতি হেমেন ৰাভা।সাধাৰণ সম্পাদক  মন্টু ৰাভাৰ লগতে উপস্থিত ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক উত্তম ৰাভাসহখৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰসন্থাৰ বিভিন্ন বিষয়ববীয়া সকলে উপস্থিত থাকি দীৰ্ঘদিনে স্কুল-কলেজৰ পৰা বঞ্চিত হৈ নিৰাশাঁ‌ত ভোগী থকা ছাত্ৰ ছাত্ৰী সকলক কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ নিৰ্দেশত অনুপ্ৰেৰণা দিয়া, দিগদৰ্শন আৰু ব্যক্তিত্ব বিকাশ অনুষ্ঠানটিৰ জড়িয়তে শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলক আৰু অধিক উৎসাহ, আৰু অনুপ্ৰেৰণা দিয়াতসচেতন মহলত ৰাভা ছাত্ৰ সন্থা চমুকৈ (ARSU) ৰ এনে পদক্ষেপত অধিক প্ৰশংসনীয় হৈ পৰিছে।

Related Articles