Breaking

ডিজিটেল অসমঃ ইণ্টাৰনেট গেটৱে’ হ’ব গুৱাহাটী

0 2,060

তথ্য–প্রযুক্তিৰ অভাৱনীয় উত্তৰণ আৰু বিকাশে আজিৰ মানুহক পৃথিৱীখন থাউকতে হাতৰ মুঠিতে পোৱাৰ সুবিধা কৰি দিছে৷ ম’বাইল, ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া প্লেটফর্মত এতিয়া অভ্যস্ত সমগ্র পৃথিৱী৷ ডিজিটেল হৈছে মানুহৰ দৈনন্দিনৰ কর্মক্ষেত্র আৰু কাম–কাজৰ পদ্ধতি৷ ডিজিটেল যুগে সমগ্র বিশ্বৰ লগতে ভাৰতবর্ষৰো সম্ভাৱনা আৰু বিকাশৰ দুৱাৰ মুকলি কৰিছে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে তথ্য–প্রযুক্তিৰ ক্ষেত্রখনত বিশেষ অগ্রাধিকাৰ দিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে ডিজিটেল অসম গঢ়াৰ বাবে দ্রুত পদক্ষেপ গ্রহণ কৰিছে৷ চৰকাৰ সংকল্পবদ্ধ হৈছে অদূৰ ভৱিষ্যতে সমগ্র ৰাজ্যখনকে ডিজিটেল ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ৷ ৰাজ্যৰ প্রশাসন, শিক্ষা, স্বাস্থ্য, নিয়োগ, বাণিজ্য, বন, উদ্যোগ, আবকাৰী, পৰিবহণকে ধৰি সকলো বিভাগৰ কাম–কাজ ডিজিটেলাইজ কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ ২০২১ৰ বিদায় ক্ষণত ডিজিটেল অসমৰ এই নতুন সংকল্পই বিভিন্ন দিশলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷

ইতিমধ্যে ডিজিটেল অসমৰ সপোন বাস্তৱায়িত কৰাৰ বাবে চৰকাৰৰ সহযোগত এমট্রনে বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ ডিজিটেল অসমৰ অংশ হিচাপে এমট্রনে ৩৪খন জিলাত সুগম ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে৷ ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে খুব সহজতে ৰাইজে আয়ৰ প্রমাণ–পত্র, জাতিগত প্রমাণ–পত্র, নন–ক্রিমিলিয়াৰ চার্টিফিকেট, স্থায়ী বাসিন্দাৰ প্রমাণ–পত্রকে ধৰি ১৮টা সেৱা লাভ কৰি আহিছে৷ সুগম ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে আজিৰ তাৰিখলৈকে বিভিন্ন প্রমাণ–পত্র বিচাৰি ৪২,৫৩,৭৫৩খন আবেদন কৰিছে৷ ইয়াৰ ভিতৰত ৩৩,৮৬,৩৮৪জন লোকে প্রমাণ–পত্র লাভ কৰিছে৷ সুগম ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে ৩৪খন জিলাৰ ১৫৪টা ৰাজহ চক্রৰ কার্যালয় আৰু ২২টা মহকুমাৰ প্রশাসনিক কাম–কাজ স্বচ্ছ আৰু নিকা ৰূপত চলি আহিছে৷ মিছন বসুন্ধৰা প’র্টেলৰ জৰিয়তে লাভান্বিত হৈছে সাধাৰণ জনতা৷ বসুন্ধৰা প’র্টেলৰ জৰিয়তে ৭,৯১,৪৪৩খন আবেদন লাভ কৰিছে৷ এমাহৰ ভিতৰতে ইয়াৰ ১,০০,১৮২খন আবেদন নিষ্পত্তি কৰা হৈছে৷ ডিজিটেল অসম গঢ়ি তোলাৰ বাবে চৰকাৰৰ সহযোগত এমট্রনে গুৱাহাটীৰ বঙৰাত এশ একৰ ভূমিত গঢ়ি তুলিছে টেক চিটী (প্রযুক্তি নগৰ)৷ অসমৰ ৰাইজৰ বাবে সুখবৰ যে নৱবর্ষতে এই টেক চিটী (প্রযুক্তি নগৰ)ৰ কাম–কাজ আৰম্ভ হ’ব৷ ডিজিটেল অসমৰ সপোন বাস্তৱত ৰূপায়িত হ’বলৈ উচ্চ ক্ষমতাসম্পন্ন ইণ্টাৰনেট সেৱাৰ প্রয়োজন৷ সেয়েহে উত্তৰ–পূর্বাঞ্চলৰ ইণ্টাৰনেট গেটৱে’ স্থাপনৰ বাবে আঁচনি গ্রহণ কৰিছে৷ ইতিমধ্যে ইয়াৰ যাৱতীয় অনুজ্ঞাপত্র লাভ কৰিছে৷ বোম্বে, চেন্নাই, কোচিনৰ পিছত ইণ্টাৰনেট গেটৱে’ হ’ব গুৱাহাটী৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ইণ্টাৰনেট সেৱা বিশেষ কার্যক্ষম কৰি তুলিবলৈ গুৱাহাটীক ইণ্টাৰনেট গেটৱে’ হিচাপে গঢ়ি তোলাৰ সপোন নৱবর্ষতে বাস্তৱায়িত হ’ব৷ বঙৰাৰ টেক চিটী (প্রযুক্তি নগৰ)ত বি আই এছৰ টেষ্টিং লেবৰেটেৰী, ই–ৱেষ্ট মেনেজমেণ্ট কোম্পানী, এইচ ডি এফ চিৰ বি পি অ’, ডাটা চেণ্টাৰ, নেন’ প্রযুক্তিৰ কোম্পানীকে ধৰি কেইবাটাও আই টি কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰিছে৷ বঙৰাৰ টেক চিটী (প্রযুক্তি নগৰ)ত ৰাজ্যৰ প্রায় ৮ হাজাৰ শিক্ষিত নিবনুৱা যুৱক–যুৱতীয়ে সংস্থাপন লাভ কৰিব৷ চৰকাৰী কার্যালয়ত ই–ফাইলিং মেনেজমেণ্টৰ কাম–কাজ এমট্রনে কৰি আহিছে৷ চৰকাৰৰ সহযোগত এমট্রনে আবকাৰী, পৰিবহণ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম–কাজ, নথি–পত্র ডিজিটেল প্রক্রিয়াৰে আৰম্ভ কৰিছে৷ ইয়াৰ ফলত এই বিভাগকেইটাৰ কাম–কাজ স্বচ্ছ আৰু নিকা হোৱাৰ লগতে পূর্বতকৈ অধিক ৰাজহ সংগ্রহ হোৱা পৰিলক্ষিত হৈছে৷ ডিজিটেল অসমৰ সপোন বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰেও এমট্রনৰ দৰে নিজাববীয়াকৈ জনতা ভৱনত ৰাজ্যিক ডাটা চেণ্টাৰ স্থাপন কৰিছে৷ ২০২১ চনৰ ১৩ ফেব্রুৱাৰীত এই ডাটা চেণ্টাৰৰ কাম–কাজ আৰম্ভ হৈছে৷ ৰাজ্যিক ডাটা চেণ্টাৰৰ পৰাই ২৬টাকৈ চৰকাৰী বিভাগৰ ৱেবছাইট আৰু প’র্টেলৰ কাম–কাজ চলি আছে৷ উল্লেখ্য যে এমট্রনে চৰকাৰৰ সহযোগত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পুথিভঁৰালত থকা পুৰণি আলোচনী, গেজেট, তাম্রফলি, সাঁচিপাতৰ পুথি, জার্নেল আদি ডিজিটেলাইজ কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ নৱবর্ষৰ মার্চ মাহৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ হ’ব৷ অসম সাহিত্য সভাৰ পুৰণি পুথিসমূহো ডিজিটেলাইজ কৰাৰ বাবে এমট্রন চুক্তিবদ্ধ হৈছে৷ জনসাধাৰণক সহজলভ্যকে তথ্য যোগান তথা প্রযুক্তিবিদ্যাক প্রধান আহিলা হিচাপে লৈ আর্থ–সামাজিক দিশটো শক্তিশালী কৰাৰ ক্ষেত্রত ডিজিটেল অসমে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ অসমৰ তথ্য–প্রযুক্তি ক্ষেত্রখনৰ প্রসাৰ আৰু উত্তৰণৰ বাবে বিশেষ গুৰুত্ব প্রদানৰ সংকল্পও গ্রহণ কৰিছে চৰকাৰখনে৷

Leave A Reply