Breaking

ডিজিটেল ইণ্ডিয়াৰ ভৱিষ্যত দক্ষতা সন্মিলনত দেশৰ যুৱ প্ৰজন্মৰ দক্ষতাৰ ওপৰত বিশেষ আলোচনা সম্পন্ন…

0 26

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত ডিজিটেল ইণ্ডিয়াৰ ভৱিষ্যত দক্ষতা সন্মিলনৰ (Future Skills Summit) এক বিশেষ আলোচনা চক্ৰত দেশৰ যুৱপ্ৰজন্মক চাকৰিৰ বাবে সাজু হ’বলৈ প্ৰযুক্তিগতভাৱে শক্তিশালী হোৱাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মঞ্চত উপবিষ্ট আলোচক সকলে “ছেমিকন ইণ্ডিয়া ফিউচাৰ স্কিলছ” বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। এই আলোচনা চক্ৰ সঞ্চালনা কৰে কোৱালকম অভিযান্ত্ৰিকৰ জ্যেষ্ঠ সঞ্চালক সুমিত গোস্বামীয়ে। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বেংকক বিশ্ববিদ্যালয় গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ কাৰেল ষ্টাৰ্কছে কয় যে সঠিক নিৰ্দেশনাৰ দ্বাৰা দেশৰ যুৱপ্ৰজন্মৰ আকাংক্ষিত দক্ষতা আহৰণ কৰাৰ বাবে ভৱিষ্যত যুব সমাজ প্ৰযুক্তিগতভাৱে দক্ষ হব লাগিব। সন্দৰ্ভত তেওঁ কয় যে যুৱক সকলক ইন্টাৰ্ণশ্বিপ আগবঢ়োৱা চিপ বিকাশকাৰী কোম্পানীবোৰে তেওঁলোকক অৰ্ধপৰিবাহী উদ্যোগ স্থাপনত সহায় কৰিব পাৰে। তেওঁ লগতে কয় যে কোম্পানীবোৰৰ সৈতে হাত মিলোৱা বিশ্ববিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক চিপ নিৰ্মাণ আৰু অৰ্ধপৰিবাহী উদ্যোগত প্ৰশিক্ষণ লাভ কৰাত সহায় কৰিব পাৰে। তেওঁ শিক্ষাৰ্থীসকলক অত্যাধিক উৎসাহী নহবৰ বাবে সতৰ্ক কৰি দিয়াৰ লগতে এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়। ৰাছিয়াৰ অপ্টিমাইজিং টেকন’লজিছৰ মুখ্য কাৰ্যবাহী বিষয়া আলেকজেণ্ডাৰ দ্ৰোজডোভে আলোচনাত অংশগ্ৰহণ কৰি কয় যে চিপ নিৰ্মাণৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশে ভৱিষ্যত যুব প্ৰজন্মক অৰ্ধপৰিবাহী উদ্যোগৰ বিশাল পৃথিৱীখনত অতিৰিক্ত সফলতা লাভ কৰাত সহায় কৰিব। দ্ৰোজডোভে ছাত্ৰ সমাজক এই ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰশিক্ষণ লবলৈ আহ্বান জনোৱাৰ লগতে আকাংক্ষিত দক্ষতা আহৰণৰ দ্বাৰা তেওঁলোকে মহাকাশ কোম্পানী আৰু কৃত্ৰিম বুদ্ধিমত্তা কোম্পানীত নিযুক্তি লাভ কৰিব পাৰে বুলি মত প্ৰকাশ কৰে।

তেওঁ কয় যে এই ক্ষেত্ৰত যুব সমাজ শিক্ষিত হোৱাৰ লগতে অভিজ্ঞতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এ আই চি টি ইৰ অধ্যক্ষ অধ্যাপক ড০ টি জি সীথাৰামে শিক্ষাৰ্থীসকলক চাকৰিৰ লাভৰ বাবে সাজু হোৱাৰ উদ্দেশ্যৰে প্ৰশিক্ষণ প্ৰক্ৰিয়াত নামভৰ্তি কৰিবলৈ আহ্বান জনাই। সীথাৰামে লগতে কয় যে বৰ্তমান পৰিস্থিতিত দেশৰ নৱ প্ৰজন্মৰ যুৱক যুৱতীসকলে আন দেশত ইন্টাৰ্ণশ্বিপ কৰিবলৈ যোৱাৰ প্ৰয়োজন নাই। শিক্ষাৰ্থীসকলৰ ইণ্টাৰ্নশ্বিপৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে শেহতীয়া ভাবে দেশত বহুতো পথ মুকলি হৈ আছে। চিমেনছ ই ডি এৰ উপাধ্যক্ষ তথা প্ৰবন্ধক ৰুচিৰ দীক্ষিতে পৰামৰ্শ দিয়ে যে শিক্ষাৰ্থীসকলে নিজৰ ওপৰত বিশ্বাস ৰখাৰ লগতে উপলব্ধ প্লেটফৰ্মটো ব্যৱহাৰ কৰি অৰ্ধপৰিবাহী উদ্যোগত এক উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰাৰ উদ্দেশ্যৰে তেওঁলোকক ডিজিটেল ভাৱে সক্ৰিয় কৰিবলৈ উপযুক্ত সময় লব লাগে। আলোচক সকলে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে অৰ্ধ পৰিবাহী উদ্যোগৰ জৰিয়তে অনাগত সময়ত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলগীয়া অৰ্ধপৰিবাহী অভিযন্তাসকলৰ দেশত বিশেষ প্ৰয়োজন হব। তেওঁলোকে লগতে অনুভৱ ব্যক্ত কৰে যে দেশৰ যুৱপ্ৰজন্ম অনুপ্ৰাণিত হোৱালৈ ভাৰত বিশ্বৰ চিপ ৰাজধানী হিচাপে প্ৰতিষ্ঠা হ’ব পাৰে। শাস্ত্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ এছ বৈধ্যাসুব্ৰমনিয়াম আৰু আইআইটি হায়দৰাবাদৰ অধ্যাপক শিৱ ৰাম কৃষ্ণ ভাঞ্জাৰীও আলোচনা চক্ৰত উপস্থিত আছিল।

Leave A Reply