ডিগবৈ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান,জব্দ হিৰইন আটক ড্ৰাগছ মাফিয়া

সমগ্ৰ ৰাজ্যত চলিছে আৰক্ষীৰ অভিযান ।জব্দ কৰিছে ড্ৰাগছ,কানী,গাঞ্জা আৰু আটক বহু মাফিয়া।ডিগবৈ চহৰটো নিটো চলিছে আৰক্ষীৰ অভিযান ।নিশা ডিগবৈ ৩নং বৰবিলৰ ৰামনগৰত অভিযান চলে ডিগবৈ আৰক্ষীৰ।হিৰইনসহ আটক কৰে জীৱন দত্ত নামৰ ড্ৰাগছ মাফিয়াক।পৰিদৰ্শক নিকুঞ্জ বৰ্মনৰ নেতৃত্বত চলিছিল অভিযান।অভিযানত ১৩গ্ৰাম হিৰইন জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।প্ৰাপ্ত তথ্য মতে আটক হোৱা ড্ৰাগছ মাফিয়া জীৱন দত্ত দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় লগত জড়িত আছিল ।অধিক তথ্য আহৰণৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত।

Related Articles