মঙলদৈত সংবাদমেলত দিলীপ শইকীয়া: “পঞ্চায়ত নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ” । Dilip Saikia

মঙলদৈ, ৫ মে’: Dilip Saikia । মঙলদৈত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সোমবাৰে জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেলত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে মত প্ৰকাশ কৰে। সংবাদমেলত তেওঁ কয় যে, পঞ্চায়ত নিৰ্বাচন সমগ্ৰ ৰাজ্যৰ বাবে গণতন্ত্ৰৰ এক উৎসৱৰ দৰে, য’ত ভাৰতীয় জনতা পাৰ্টিয়ে এক সু-সংগঠিত আৰু জনমুখী প্ৰচাৰ অভিযান চলাইছে।

সভাপতি শইকীয়াই উল্লেখ কৰে যে, কেন্দ্ৰ আৰু ৰাজ্যত যেনে শূন্য সহনশীলতাৰ চৰকাৰ চলি আছে, তেনে ভাবেই পঞ্চায়ত স্তৰতো উন্নয়ন আৰু জনসেৱাৰ সৈতে সুস্থ ব্যৱস্থাপনা বজাই ৰখাত দলটোৱে সহায় কৰিব।

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে, বুথ সমিতিৰ সভাপতি সকলৰ পৰা আৰম্ভ কৰি সকলো কৰ্মী আৰু নেতাসকলক ধন্যবাদ জনায়। এনডিএৰ অংশীদাৰ অতুল বৰা, কেশৱ মহন্ত আদি নেতাসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

সংবাদমেলত দিলীপ শইকীয়াই কয় যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত তেওঁ নিজে ৩৮ খন সভাত অংশগ্ৰহণ কৰিছে। এইবাৰ বিজেপিয়ে প্ৰচাৰ অভিযানত গান আৰু সংগীতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে, বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰায় এক হাজাৰৰো অধিক নিৰ্বাচনী গীত ব্যৱহাৰ কৰিছে, যি প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিছে।

দিলীপ শইকীয়াই দাবী কৰে, “বিজেপিৰ দৰে সু-সংগঠিত আৰু সৃজনশীল প্ৰচাৰ অন্য কোনো ৰাজনৈতিক দলে কৰিবলৈ সক্ষম হোৱা নাই।”

Related Articles