ঐতিহাসিক শিৱসাগৰত উপস্থিত হয় বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ।Dilip Saikia

১০ জুন,২০২৫: Dilip Saikia । শিৱসাগৰ জিলাৰ বৰ্তমান জিলা সমিতিৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভা শিৱসাগৰ নগৰৰ ঐতিহাসিক কে.পি.এম. হলত পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰিবলৈ বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া শিৱসাগৰলৈ উপস্থিত হয়।

সভাৰ আৰম্ভণিৰ পূৰ্বে দিলীপ শইকীয়া শিৱসাগৰ জিলাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ সৈতে ঐতিহাসিক শিৱদ’লৰ সন্মুখৰ পৰা কালি প্ৰসাদ মেম’ৰিয়েল হললৈ এক বিশাল পদব্ৰজে সমদল কৰে। অঞ্চলটোত উৎসাহব্যাঞ্জক পৰিৱেশৰ মাজত এই সমদল অনুষ্ঠিত হয় আৰু ইয়াত দলৰ বহু নেতা, কৰ্মী তথা সমৰ্থকে অংশগ্রহণ কৰে।

এই কাৰ্যসূচীখনৰ জৰিয়তে বিজেপিয়ে জিলাখনত দলীয় কাঠামো আৰু সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ দিশে আগবাঢ়িবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সভাত ৰাজ্যিক সভাপতিয়ে সংগঠনৰ ভৱিষ্যৎ পৰিকল্পনা আৰু দলীয় কৰ্মসূচীৰ বিষয়ে মূল্যবান দিশ-নিৰ্ব্দেশ প্ৰদান কৰে।

Related Articles