Dilip Saikia: ১৭বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি, বীৰ জাতিঃ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া

অসমীয়া ভাষাক লৈ ABMSUৰ(Dilip Saikia)নেতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।

তেওঁ কয় যে ABMSUৰ নেতাৰ ধমকে অসমীয়া জাতিক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে। বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্র আমাৰ হাতত দিছে। ১৭বাৰ মোগলক পৰাস্ত কৰিছে অসমীয়া জাতিয়ে। ‘ABMSUৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাক নাইকীয়া কৰিব নোৱাৰে । যদি অসমত থাকিব বিচাৰে তেন্তে সহাৱস্থান কৰক। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে অসমৰ চৰকাৰী ভাষা অসমীয়া। যেতিয়ালৈকে আমি অসমীয়া জাতিটো জীয়াই থাকিম তেতিয়ালৈকে অসমত অসমীয়া ভাষা চৰকাৰী ভাষা হৈ থাকিব। সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি উচ্ছেদ চলিছে তাকেলৈ একাংশ আৱেগিক হৈ এনে মন্তব্য কৰিছে। আনহাতে তেওঁলোকৰ আৱেগত কিছু সাৰপানী যোগাই আছে একাংশ ৰাজনৈতিক নেতাই। অসমীয়াক সংখ্যালঘু কৰিবলৈ চিন্তা কৰা ABMSU প্ৰত্যুত্তৰৰ বাবে সাজু থাকক বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই।

উচ্ছেদ চলি থাকিব, বন্ধ নহয়। মঙলদৈতো উচ্ছেদ হ’ব বুলি মন্তব্য দিলীপ শইকীয়াৰ।

Related Articles