১৬, জানুৱাৰী,২০২৫ঃ Dilip Saikia । নিশ্চিত হৈ পৰিল যে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ’ব দিলীপ শইকীয়া । শুকুৰবাৰে দিনৰ ১১ বজাত সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । গুৰুত্বপূৰ্ণ এই সাংগঠনিক নিৰ্বাচনৰ পূৰ্বে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত নিৰ্বাচনী পৰ্যবেক্ষকৰূপে উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰভাৰী তথা পুৰী লোকসভা সমষ্টিৰ সাংসদ সম্বিত পাত্ৰ আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী ।
সন্ধিয়া মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট ।
মনোনয়ন পত্ৰ দাখিলৰ পিছত মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ঘোষণা কৰে, “শুকুৰবাৰে দিনৰ ১১ বজাত এখন বৈঠকৰ পিছত দলীয় নীতি-নিয়মসমূহ সম্পন্ন কৰি নিৰ্ধাৰণ কৰা হ’ব নতুন সভাপতিগৰাকীৰ নাম ।
তাৰ পিছতেই আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতিগৰাকীৰ নাম ঘোষণা কৰা হ’ব ।”
উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি ৰাজ্যিক সভাপতি পদৰ বাবে নিৰ্বাচন পৰিহাৰ কৰি চলিবলৈ পৰ্যবেক্ষকৰ দায়িত্বত থকা কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃবৃন্দৰ লগত আলোচনা কৰি আহিছিল ৷ সেইমৰ্মে সভাপতি পদৰ বাবে এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
একমাত্ৰ দিলীপ শইকীয়াই মনোনয়ন দাখিল কৰাৰ বাবে তেৱেঁই যে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি সেয়া নিশ্চিত হ’ল ।এতিয়া অপেক্ষা শুকুৰবাৰৰ দুপৰীয়াৰ আনুষ্ঠানিক ঘোষণাপৰ্বলৈ ।

