Dilip Saikia: কংগ্ৰছৰ হঠকাৰী সিদ্ধান্তৰ বাবেই পূৰ্ণাংগ ৰূপ নাপালে “বন্দে মাতৰম” ৰাষ্ট্ৰীয় গীতটোৱেঃ দিলীপ শইকীয়া

“১৮৭৫ চনতে বংকিম (Dilip Saikia) চন্দ্ৰ চট্টোপাধ্যায়ে লিখা “বন্দে মাতৰম” গীতটি আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূলমন্ত্ৰ ৷ এই গীতটি ১৮৯৬চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে সুৰ দি আবৃত্তি কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ১৯০৫চনত বঙ্গ বিভাজনৰ সময়লৈকে ধ্ৰুপদী ৰাগ দেশ মালহাৰৰ ওপৰত স্হাপন কৰা হৈছিল আৰু ই মাৰ্চিঙ গীত হিচাপে প্ৰতিজন ভাৰতীয়ৰ জনপ্ৰিয় হৈ পৰিছিল। তদুপৰি এই গীতটি ১৯৫০চনত স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে জাতীয় গীতৰ মৰ্যাদা দিছিল । কিন্তু ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই একাংশ কংগ্ৰেছীৰ হঠকাৰী সিদ্ধান্তৰ বাবেই গীতটিয়ে পূৰ্ণাংগ ৰূপ নাপায় কেৱল মাত্ৰ চাৰিটামান শাৰীতে সীমাবদ্ধ হৈ থাকিল । আজি বাইহাটা চাৰিআলিস্থ উত্তৰ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এইকথা সদৰী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওডালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ।

সাংসদগৰাকীয়ে গীতটিৰ সন্দৰ্ভত ঐতিহাসিক বিশ্লেষণ দাঙি ধৰি কয় যে সম্প্ৰতি ১৫০বছৰত ভৰি দিয়া গীতটিৰ পূৰ্ণাংগ ৰূপ দিয়াৰ বাবেই চলিত বৰ্ষৰ ১অক্টোবৰত ভাৰত চৰকাৰৰ কেবিনেটত সমগ্ৰ ভাৰতবৰ্ষতে গীতটিৰ প্ৰচাৰৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু উক্ত সিদ্ধান্তৰ ভিত্তিতে সাত নবেম্বৰত ভাৰতৰ সকলো ৰাজ্যৰ লগতে অসমৰো গুৱাহাটী, ধুবুৰী, শিলচৰ , শোণিতপুৰ, লক্ষীমপুৰ আৰু ধেমাজী জিলাত গীতটি পূৰ্ণাংগ ৰূপত প্ৰচাৰ কৰাৰ উপৰি পৰৱৰ্তী সময়ত অন্যান্য জিলাসমুহত প্ৰচাৰ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হ’ব ৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা, ৰাজ্যিক উপ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈ,কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা তথা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাস্কৰ কলিতা, জেষ্ঠ্য বিজেপি নেতা মদন চন্দ্ৰ ডেকাৰ উপস্থিতিত আয়োজন কৰা সংবাদমেলখনত সাংসদ শইকীয়াই“ বন্দে মাতৰম” সন্দৰ্ভত ইয়াকো কয় যে স্বাধীনতাৰ পূৰ্বে ১৯২৩চনত কাকিনাদাত অনুস্থিত কংগ্ৰেছৰ অধিবেশনত বিষ্ণু দিগম্বৰ পালুস্কৰক “বন্দে মাতৰম“ গাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও তদানীন্তন কংগ্ৰেছৰ সভাপতি মৌলানা মহম্মদ আলীয় ইছলামত সংগীত নিষিদ্ধ বুলি ধৰ্মীয় ভিত্তিত আপত্তি দৰ্শাইছিল আৰু গীতটি আনুষ্ঠানিকভাবে অক্ষম কৰাৰ সিদ্ধান্ত লৈছিল ৷

একেদৰে বৰ্তমানেও কংগ্ৰেছৰ ৰাহুল গান্ধীৰ এখন কৰ্ণাটকত হোৱা সভাত সময়ৰ নাটনি দেখুৱাই গীতটিৰ চাৰিটামান শাৰীহে গাবলৈ দিয়া হয় বুলি উল্লেখ কৰি প্ৰসংগক্ৰমে সাংসদগৰাকীয়ে ৰাহুল গান্ধীকো সমালোচনা কৰে ।লগতে সাংসদ গৰাকীয়ে কংগ্ৰেছৰ প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে নহয় বৰঞ্চ শাসন ব্যৱস্হাৰ বিৰুদ্ধেহে বুলি কোৱা ৰাহুল গান্ধীৰ বক্তব্যত ক্ষোভ প্ৰকাশ কৰে ।

Related Articles