গৌৰৱ গগৈৰ শৰীৰ পৰা ঘাম নোলায়, ভৰিত জোকে নেখায়, তেওঁ জন্মৰ পৰা এ চি কোঠাতে আছে, ইংৰাজী শিকিলে অথবা ইংৰাজী কলেই স্মাৰ্ট নুবুজায়: দিলীপ শইকীয়া
নগাঁও, ৩ এপ্ৰিল : dilip saikia । নগাঁও জিলাৰ ৰহা বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাটত আজি বিয়লি পঞ্চায়ত নিৰ্বাচনৰ বিজেপি দলৰ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনত ৩৭ শতাংশ দুখীয়া মানুহ আমাক উপহাৰ দি গৈছে। কংগ্ৰেছৰ দিনত চাকৰি পাবলাগীয়া হ’লে ৫লাখ, ১০লাখ ,১৫ লাখ টকা উৎকোচ দিব লগীয়া হৈছিল। স্বৰ্গগত এজনৰ দিনত ৰাকেশ পালৰ দৰে দুৰ্নীতিগ্ৰস্থ বিষয়াক অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ দ্বায়িত্ব দিছিল। বিধবা পেঞ্চনৰ বাবে কংগ্ৰেছৰ দালালক পাঁচশ টকাৰ পৰা এহেজাৰ টকা দিব নোৱাৰিলে নাম কৰ্তন কৰা হৈছিল কংগ্ৰেছে সংবিধানক ভৰিৰে মোহাৰাৰ দৰে কাম কৰিছিল। ৮৫৫ জন যুৱকক গুলীয়াই হত্যা কৰা পাপী দল হৈছে কংগ্ৰেছ। অসমত আৰু ২৫ ৰ পৰা ৩০ বছৰ কংগ্ৰেছৰ কোনো স্কপ নাই ।আনহাতে বিজেপিৰ ৰাজনীতি হিন্দু-মুছলমানৰ ৰাজনীতি নহয় বুলি উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় যে বিজেপিৰ ৰাজনীতি বিকাশৰ ৰাজনীতি ।

আমি শাসনৰ কাৰণে ৰাইজৰ কাষলৈ অহা নাই সেৱাৰ মনোভাৱৰে আহিছোঁ। গঞা খেতিয়কৰ উন্নয়নৰ লগতে সম মৰ্যাদা সংকল্পৰে বিজেপি দল পঞ্চায়ত নিৰ্বাচনত অবতীৰ্ণ হৈছে ৷ বিজেপিয়ে সংকল্পৰে আগবাঢ়ি গৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত দেশত ২৫কোটি পৰিয়াল দৰিদ্ৰমুক্ত হৈছে ৷ তেওঁ কয় :ভগৱান থকা ঘৰটো আমি থকা ঘৰতকৈ ভাল হ’ব লাগিব বাবে আমাৰ চৰকাৰে নামঘৰলৈ ৩লাখকৈ টকাকৈ আগবঢ়াইছে। সভাপতি শইকীয়াই কয় যে নিজৰ স্বাস্থ্যৰ বাবে হাত চাপৰি বজাব বেলেগৰ কাৰণে নহয়। হাতচাপৰি বজালে বেমাৰ আজাৰৰ লগতে মনলৈ শান্তি আহে।দক্ষিনপাটত অনুষ্ঠিত পাখিমৰীয়া-জামুগুৰি জিলা পৰিষদৰ নিৰ্বাচনী সভাখনত ফুলৰ মালা, পদুম ফুল, ভাগৱত আদিৰে বিজেপিৰ সভাপতিগৰাকীক দলীয় নেতা-কৰ্মী সকলে বিপুলভাৱে আদৰণি জনায় ৷ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মঞ্চত বৰকাঁহ বজাই পঞ্চায়ত নিৰ্বাচনৰ ৰণ হুংকাৰ দিয়ে ।

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আটল বিহাৰী বাজপেয়ী দিনৰ পৰাই দেশৰ পৰিবৰ্তন আহিছে বুলি মন্তব্য কৰি গাঁৱক সুন্দৰ কৰিবলৈ বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷ কেইবা সহস্ৰাধিক ভোটাৰ ৰাইজ উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাখনত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা বিজেপিৰ সভাপতি ৰঞ্জিত বৰদলৈ,অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মনিমাধৱ মহন্তই অংশগ্ৰহণ কৰি ৰাইজক বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ।সভাত ৰহা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ বিজেপি আৰু মিত্ৰজোঁটৰ মনোনীত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী সকল উপস্থিত থাকে । ইপিনে সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে
গৌৰৱ গগৈ অসমীয়া ল’ৰা হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি থকাটো আমি সকলোৱে বিচাৰো । গৌৰৱ গগৈৰ শৰীৰ পৰা ঘাম নোলায়, ভৰিত জোকে নেখায়, বিছাই নেদাকে , তেওঁ জন্মৰ পৰা এ চি কোঠাত আছে। কেৱল ইংৰাজী শিকিলে অথবা ইংৰাজী কলেই স্মাৰ্ট নুবুজায়। আমি ভালকৈ ইংৰাজী কব নেজানিলেও পাকিস্তানলৈ যোৱা নাই আৰু নেযাওঁ। তেওঁ আৰু কয় :পাকিস্তানৰ পি অ কে আমি দেশৰ অন্তৰ্ভূক্ত কৰাৰ ব্যৱস্থা কৰি আছো ।তেওঁলোকে দেশক দ্বিখণ্ডিত কৰাৰ চেষ্টা কৰিব যদিও ভাৰতবৰ্ষত বিজেপি দল থকালৈকে চীন, পাকিস্তান আৰু বাংলাদেশক এক ইঞ্চি মাতিও নিব নিদিও । ইপিনে কালি ৰহাৰ ফুলগুৰিত অনুষ্ঠিত কংগ্ৰেছ দলৰ সভাক কটাক্ষ কৰি দিলীপ শইকীয়া কয় যে কংগ্ৰেছ দলে এখন সভা পাতি বিভিন্ন এঙ্গোলৰ পৰা ফটো দি এশখন সভা কৰাৰ পৰিবেশ সৃষ্টি কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে। আনহাতে ছাৰ্জিকেল ষ্টাইকৰ ওপৰত কংগ্ৰেছ দলে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি বিজেপি দলৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছৰ কথা কোনোবাই বিশ্বাস কৰে নেকি ? চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত কংগ্ৰেছ নেতাক লগত লৈ গৈ পাকিস্তানত থৈ আহিব লাগিছিল। তেতিয়া তেওঁলোকে বুজি পালেহেতেন।
