Breaking

ডিমৌ শাখা কবি সন্মিলনলৈ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” ৰ সন্মান

0 2,042

 শিৱসাগৰ জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে যোৱা ৭ নৱেম্বৰত ভটিয়াপাৰত অনুষ্ঠিত সাংগঠনিক দক্ষতাৰ ভিত্তিত  ডিমৌ শাখা কবি সন্মিলনক  ২০১৯-২১ বৰ্ষৰ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” হিচাবে স্বীকৃতি প্ৰদান কৰে। জিলা সম্পাদক প্ৰশান্ত কুমাৰ নাথে আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া,উপ-সভাপতি হৰেন গগৈ,প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, প্ৰাক্তন সভাপতি তথা কবিপ্ৰাণ প্ৰেম গগৈ, প্ৰাক্তন সভাপতি তথা বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগম, প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট কবি গংগামোহন মিলি,বিশিষ্ট লেখিকা দীপ্তিময়ী বুঢ়াগোহাঁই গগৈ। বিশিষ্ট অতিথিসকলক সংগ দিয়ে জিলা সভাপতি ত্ৰিদীপ কুমাৰ বৰগোহাঞি,উপ-সভাপতিদ্বয় ক্ৰমে তৰুণ চন্দ্ৰ নাথ আৰু অশ্ৰুমণি দত্ত ঘোষে । উল্লেখ্য যে, ২০১৯-২০২১ বৰ্ষৰ সভাপতি জিতেন নাথ, সম্পাদক অভিজিত গগৈৰ নেতৃত্বত ডিমৌ শাখা কবি সন্মিলনে ভিন্ন কাৰ্যসূচীৰ জৰিয়তে  ডিমৌত এটা সুন্দৰ কাব্যিক পৰিমণ্ডল গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে।ইতিপূৰ্বেও, সাংগঠনিক দক্ষতাৰ ভিত্তিত  ডিমৌ শাখা কবি সন্মিলনে  ২০১৭-১৯ বৰ্ষৰ “দ্বিতীয় শ্ৰেষ্ঠ শাখা” হিচাবে স্বীকৃতি লাভ কৰিছে।

Leave A Reply