Diogo Jota: বিবাহৰ দহ দিনৰ পিছতে দুৰ্ঘটনাত মৃত্যু পৰ্টুগালৰ বিখ্যাত ফুটবলাৰ ডিঅ’গ’ জটা

স্পেইনত গাড়ী দুৰ্ঘটনাত(Diogo Jota)পৰ্টুগালৰ বিখ্যাত ফুটবলাৰ ডিঅ’গ’ জটা আৰু তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভাৰ কৰুণ মৃত্যু হয়। ২০২৫ চনৰ ২২ জুনত ৰুটে কাৰ্ডোছ’ৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ২৮ বছৰীয়া ডিঅ’গ’ জটাই পত্নী আৰু তিনিটা সন্তানক এৰি থৈ যায়।

স্পেইনৰ জামোৰা প্ৰদেশত টায়াৰ পাম্পচাৰ হোৱাৰ বাবে গাড়ীখন পথ দুৰ্ঘটনাত পতিত হৈ পৰ্তুগালৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকী আৰু তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভা (২৫)ৰ মৃত্যু হয়। জটাই যোৱা মাহৰ ২২ জুনত তেওঁৰ দীৰ্ঘদিনীয়া সংগী ৰুটে কাৰ্ডোছ’ক বিয়া কৰাইছিল, তেওঁলোকৰ তিনি সন্তানো আছে।

কিন্তু, নিয়তিৰ পৰিহাস! বিয়াৰ মাত্ৰ ১০ দিনৰ পিছতে দুৰ্ঘটনাত মৃত্যু হ’ল ডিঅ’গ’ জটাৰ। বৃহস্পতিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালী লয় পৰ্তুগালৰ প্ৰতিভাৱান ফুটবলাৰ জনে লগতে মৃত্যু হয় তেওঁৰ ভাতৃৰো।

তেওঁলোকৰ দিঘলীয়া প্ৰেম যাত্ৰাত সংসাৰলৈ আহিছিল ৩ সন্তানো। জীৱন এনেকোৱাই, কোনে, কাক; কেতিয়া এৰি যাব সেয়া কেৱল ভগৱানৰ হাতত!

Related Articles