বৰপেটাত অসম(Dipak Kumar Das) গণ পৰিষদৰ বিশাল যোগদান সভা কাৰ্য্যসূচী আৰম্ভ হয়। অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত সহস্ৰাধিক লোকক লৈ অগপত যোগদান কৰে সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে।
প্ৰাক্তন ছাত্ৰ নেতা তথা বিশিষ্ট অধিবক্তা দীপক কুমাৰ দাসৰ অগপমুখী যাত্ৰাক লৈ উখল মাখল হৈ পৰে বৰপেটা চহৰ।পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই যোগদান সভাত সহস্ৰাধিক লোকে অগপত যোগদান কৰে।
অনুসুচিত জাতিৰ বাবে সংৰক্ষিত ২৪ নং বৰপেটা বিধান সভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ হিচাপে চৰ্চিত হৈছে দীপক কুমাৰ দাসৰ নাম।ইপিনে বৰপেটা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই যোগদান সভাত ভাষণ প্ৰদান কৰি সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় যে দীপক কুমাৰ দাসৰ আগমনে অসম গণ পৰিষদ দলক নতুনকৈ প্ৰাণ দিছে।আনহাতে বৰপেটা বজালী ভবানীপুৰ সৰভোগ সমষ্টিত অগপৰ প্ৰাৰ্থীক কাৰো বোকোচাত নুঠাকৈ জয়ী কৰিবলৈ হল অগপৰ কৰ্মী সকলে সংকল্প গ্ৰহণ কৰিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে।আনহাতে মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশব মহন্তই বৰপেটাত অগপৰ ভেটি পূৰ্বতকৈ অধিক শক্তিশালী হোৱা বুলি ভাষণত মন্তব্য কৰে ।
মন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰাৰ যোগদানে অকল বৰপেটাতে নহয় সমগ্ৰ অসমতে প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে।
জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত এইখন চৰকাৰে বহুত কাম কৰা বুলি মন্তব্য প্ৰকাশ কৰি অগপ দলে এই চৰকাৰৰ লগত থাকি জাতিটোক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা চলাই থকা বুলি মন্তব্য কৰে। কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে যোগাযোগত থকা বুলিও মন্তব্য অতুল বৰাৰ।

