যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাই তাৰিখে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাৎ কালত সাংসদগৰাকীয়ে মন্ত্ৰী গৰাকীক সোনকালে যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাই কয় যে ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজৰ দিল্লী ভ্ৰমনৰ নামত অধিক সময় অপব্যয় নহ’ব।

বিমানৰ টিকটৰ অত্যাধিক ভাড়া দিবলগীয়া নহয়। শিক্ষাৰ্থী, ৰোগী, ব্যৱসায়ী, পৰ্যটন উদ্যোগৰো যথেষ্ট সকাহ হ’ব। সেয়েহে মন্ত্ৰী গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰবলৈ অনুৰোধ জনাইছিল। সাংসদ গৌৰৱ গগৈৰ পত্ৰৰ সহাঁৰি দি শুক্ৰবাৰে অসামৰিক পৰিবহন মন্ত্ৰী নাইডুয়ে পত্ৰযোগে জনায় যে অহা অক্টোবৰ মাহৰ পৰা পুনৰ যোৰহাট-দিল্লীৰ মাজত spicejet পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব পৰা যাব।