Breaking

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চাহ ব’র্ড আৰু কলঘৰ মালিক পক্ষৰ লগত আলোচনা। চলিত মাহৰ কেঁচা চাহপাতৰ মূল্য ২৫ টকা নিৰ্ধাৰণ।

0 64

ভাৰতীয় চাহ বৰ্ডৰ যোৰহাট শাখাৰ কাৰ্য্যালয়ত চাহ বৰ্ডৰ উদ্যোগত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলাৰ বিষয়ববীয়া , কলঘৰ মালিক সন্থাৰ মাজত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।উক্ত সভাত উৎপাদিত কেচা চাহপাতৰ মূল্য নিৰ্ধাৰণ, কৃষকৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হয়। কেঁচা চাহ পাতৰ দৰৰ সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয় ।ত্রিপাক্ষিক আলোচনাৰ অন্তত যোৰহাট জিলৰ কেঁচা চাহ পাতৰ (গ্ৰহণযোগ্য ) জুন মাহৰ বাবে নূন্যতম 25 টকা মূল্য ধাৰ্য কৰা হয় ।

সভাত ভাৰতীয় চাহ বৰ্ডৰ যোৰহাট শাখাৰ সহকাৰী সঞ্চালক নিপুন বৰ্মন আৰু কলঘৰ পৰিদৰ্শক শচীন ভেংকতৰাও , উন্নয়ন বিষয়া কমল মজুমদাৰ ,নিলোপল দত্ত আৰু সদৌ অসম ক্ষুদ্ৰ চাহ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া সাধাৰণ সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা ,কেন্দ্রীয় সমিতিৰ সহ সম্পাদক অচ্যুত প্ৰসাদ গগৈ ,জিলাৰ কাৰ্যকৰী সভাপতি নাছিৰুদ্দিন আহমেদ ,প্ৰাক্তন সভাপতি দুৰ্লভ বৰা লগতে আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে ।

কলঘৰ মালিক সন্থাৰ হৈ (নেটা) নৰ্থ ইষ্ট টি আছোচিয়াছন ৰ সভাপতি কমল জালান, কলঘৰ মালিক সকল ক্ৰমে অশোক গাট্টানি, দিলীপ গাট্টানি, ৰাজেশ গাট্টানি, দীনেশ গিনোৰিয়া ,আলোক ৰাঠি, আৰু কেইবাজনো পৰিচালক উপস্থিত থাকে । সকলো মিলি কেনেকৈ অসমৰ চাহৰ মানদণ্ড বৰ্তাই ৰাখিব পাৰি তাৰ চেষ্টা কৰিব লাগিব বুলি তাৰ ওপৰত আলোচনা হয় লগতে সকলো কলঘৰ সমূহে গুনগত মানদণ্ডৰ কেঁচা পাতৰ ওপৰত খেতিয়কৰ মাজত কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । চাহৰ উন্নত মানদণ্ডৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিয়ে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। কালি সভাত এক ফলপ্ৰসূ সিদ্ধান্তত উপনীত হোৱাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া আৰু সাধাৰণ সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মাই সকলো পক্ষক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply