বিবাহৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবেই বিচ্ছেদ হৈছিল টাইগাৰৰ সৈতে দিশাৰ সম্পৰ্ক। বৰ্তমান টাইগাৰৰ জীৱনলৈ প্ৰৱেশ অন্য এক দিশাৰ…

বিবাহৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবেই বিচ্ছেদ হৈছিল টাইগাৰৰ সৈতে দিশাৰ সম্পৰ্ক। বৰ্তমান টাইগাৰৰ জীৱনলৈ প্ৰৱশে অন্য এক দিশা। খবৰ পোৱা গৈছে যে দিশা পাটনীক সম্পূৰ্ণৰূপে পাহৰি যোৱাৰ পিছত এতিয়া টাইগাৰ শ্ৰফ আন এগৰাকী দিশাৰ প্ৰেমত সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰিছে। এতিয়া অনুৰাগীৰ মাজত প্ৰশ্ন হৈছে যে টাইগাৰৰ জীৱনলৈ অহা এই দিশা ধনুকা কোন?


যোৱা বছৰৰ জুন-জুলাইৰ পৰা টাইগাৰ আৰু দিশাৰ মাজত আছে প্ৰেমৰ সম্পৰ্ক। এতিয়া প্ৰশ্ন হয় দিশ ধনুকা কোন… বলীউড আৰু অভিনয়ৰ লগতো সম্পৰ্ক আছে নেকি? আচলতে দিশা এটা প্ৰডাকচন হাউচৰ উচ্চ পদবীত অধিষ্ঠিত এগৰাকী যুৱতী। এই মুহূৰ্তত দুয়োজনে কেতিয়া আৰু কেনেকৈ লগ পাইছিল আৰু কেনেকৈ ইজনে সিজনৰ ওচৰলৈ আহিছিল সেয়া জানিব পৰা হোৱা নাই যদিও দিশা পাটনীৰ সৈতে বিচ্ছেদ হোৱাৰ মাত্ৰ কেইমাহমানৰ পিছতহে দিশা টাইগাৰৰ জীৱনলৈ আহিছিল বুলি জানিব পৰা গৈছে।


যোৱা বছৰ কৰণ জোহৰৰ শ্ব’ কফী উইথ কাৰনত টাইগাৰ শ্ৰফে নিজকে কৈছিল যে দিশাই টাইগাৰৰ পৰা বিবাহৰ প্ৰতিশ্ৰুতি বিচাৰিছিল কিন্তু টাইগাৰ সেই মুহূৰ্তত সাজু নাছিল। এই কাৰণে দুয়োৰে মাজত বিচ্ছেদ হৈছিল।

Related Articles