Breaking

দিছপুৰ প্ৰেছ ক্লাবৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

0 27

সাংবাদিক – সংবাদকৰ্মী আৰু ৰাইজৰ সুবিধাৰ্থে আজি দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ৰেডক্লিফ সৰস্বতী ডাইগ্নোষ্টিকৰ সহযোগত প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত বিভিন্ন সংবাদ মাধ্যমৰ প্ৰায় শতাধিক সাংবাদিক – সংবাদ কৰ্মীৰ লগতে স্হানীয় ৰাইজে নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। অনুষ্ঠানত প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি আৰ্জেদ হুছেইন চহৰীয়া, উপ সভাপতি ছৰিফুদ্দিন আহমেদ, মিণ্টু হাজৰিকা, সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়, কোষাধ্যক্ষ ৰিদীপ কলিতাকে ধৰি প্ৰেছ ক্লাবৰ অনান্য বিষয়ববীয়া সকল উপস্থিত আছিল।


আনহাতে ৰেডক্লিফ সৰস্বতী ডাইগ্নোষ্টিকৰ হৈ উপস্থিত আছিল ডা: গুঞ্জনা আৰ্টেয়া , ঝষিকেশ কলিতা আদি।
প্ৰেছ ক্লাবৰ এনে পদক্ষেপক স্হানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Leave A Reply