Dispur Press Club: দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম ঘোষণা

গুৱাহাটী ২৪ ছেপ্টেম্বৰ: দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বঁটা প্ৰাপকৰ নামসমূহ আজি ঘোষণা কৰা হয়।ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তি সকলৰ মাজৰ পৰা একাংশক নিৰ্বাচিত কৰি প্ৰতি বছৰে দিছপুৰ প্ৰেছ ক্লাবে এই বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি বঁটা প্ৰদানেৰে সমাজৰ বাবে ভাল কাম কৰাৰ বাবে তেওঁ লোকক নিজৰ কৰ্ম ক্ষেত্ৰত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাই আহিছে।(Dispur Press Club)

এন কে ইনফ্ৰাকে ধৰি কেবাটাও প্ৰতিষ্ঠানৰ সহযোগিতাত অহা ২৯ ছেপ্টেম্বৰত দিছপুৰ লাষ্ট গেটত থকা লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা সমূহ প্ৰদান কৰা হ’ব।প্ৰেছ ক্লাবৰ সভাপতি ড°নৰেন হাজৰিকা, কাৰ্যকৰী সভাপতি আৰ্জেদ হুচেইন চহৰীয়া আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে আজি বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে।(Dispur Press Club announces 2024 award winners)

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৪ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল ক্ৰমে জীৱনজোৰা সাধনা বঁটা(সাংস্কৃতিক ক্ষেত্ৰ)প্ৰস্তুতি পৰাশৰ, বিশিষ্ট অভিনেত্ৰী, সম্পাদক বঁটা ৰামলাল সিনহা কাৰ্যবাহী সম্পাদক, দ্যা ছেণ্টিনেল,সাংবাদিকতা বঁটা,বিদ্যুৎ কলিতা অসমীয়া প্ৰতিদিন, জ্যেষ্ঠ সহযোগী সম্পাদক, লক্ষ্যজিৎ গোহাঁই দৈনিক অসম, জ্যেষ্ঠ সাংবাদিক,পলাশ খাউণ্ড আমাৰ অসম, জ্যেষ্ঠ সাংবাদিক, কমল কৃষ্ণ ডেকা প্ৰতিদিন টাইম, জ্যেষ্ঠ সাংবাদিক, সুৰজিৎ শইকীয়া জ্যেষ্ঠ সাংবাদিক, এন কে টিভি,চহিৰ ভূঞা উপ সম্পাদক, দৈনিক সোণৰ অসম, ফটো সাংবাদিকতাবঁটা অনুপম নাথ জ্যেষ্ঠ ফটো সাংবাদিক ,নিউজ এংকৰ বঁটা ময়ূৰী চৌধুৰী এন বি নিউজ, এংকৰ, ভিডিঅ’ সাংবাদিকতা বঁটা এলবাৰ্ট বেণ্ডো নিউজ লাইভ, জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক,সাংবাদিক সংগঠক কল্যাণ বঁটা চাম্প্ৰি বে’ জেষ্ঠ্য সাংবাদিক, জাফা,সাহসী বঁটা শৃংখল চলিহা , বীৰ লাচিত সেনা ,জীৱন সঞ্জীৱনী বঁটা ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ বিশিষ্ট চিকিৎসক,কণ্ঠ শিল্পী বঁটা (পুৰুষ) মণ্টুমণি শইকীয়া ,কণ্ঠ শিল্পী বঁটা (মহিলা) প্ৰাৰ্থনা বৰঠাকুৰ,সমাজ হিতৈষী বঁটা মিনতি বৰঠাকুৰ, চিত্ৰ শিল্পী বঁটা লিয়াকত আলি ,সাহিত্য বঁটা মৌচুমী ঘোঁৰাচোৱা, যুৱ বন্ধু বঁটা অৰবিন্দ দাস ,মানৱ সেৱা বঁটা জনি টিমুং ,অগ্ৰণী মহিলা বঁটা ৰিংকু মণি বৰুৱা শৰ্মা ,নীৰৱ সাধক বঁটা বদনছিং তিছ’, জন সেৱা বঁটা ড° ভাস্কৰ কুমাৰ কাকতি, যুৱ ৰাজনীতিক বঁটা ৰঞ্জীৱ শৰ্মা,উদ্যোগী বঁটা নিপুল কলিতা ,বিশেষ পেৰা মেডিকেল প্ৰশিক্ষণ সেৱা বঁটা Nepeds Group Of Institutions. জনহিতৈষী আৰক্ষী বঁটা কল্যাণ কুমাৰ পাঠক উপ অতিৰিক্ত আৰক্ষী অধীক্ষক, এছ টি এফ, কৰ্মযোগী বঁটা হেমাংগ ঠাকুৰীয়া, বিধায়ক (পলাশবাৰী সমষ্টি)নাট্য সাধক বঁটা শৈলেন দাস আৰু সমাজকৰ্মী বঁটা অতুল বৰঠাকুৰলৈ।

Related Articles