ধেমাজিৰ অন্যতম চকুলো স্বৰূপ গাইনৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰি অঞ্চলটোৰ বান সমস্যা স্থায়ী সমাধান কৰা দাবীত বৃহস্পতিবাৰে দুপৰীয়া চিচি কেৰেকনিত গাইনৈৰ শেষৰ অংশৰ ফালে খেতি-পথাৰৰ মাজতে এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। ধেমাজি গোহাঁই গাঁও পঞ্চায়ত, মৰিধল আৰু চিচিবৰগাঁও গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজ সমবেত হৈ গাই নৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰাৰ দাবীত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়।
উল্লেখ্য যে গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে বিগত চাৰিটা দশক ধৰি প্ৰতি বাৰিষাত গাই নৈৰ ধাৰাবাহিক বানত অঞ্চলটোৰ ৰাইজে দিক বিদিক হেৰুৱাব লগীয়া হয়। গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে প্ৰতি বাৰিষাত গাইনৈৰ বাঢ়নী পানীয়ে যেনি-তেনি গতি কৰা ফলত নামনি অংশত প্ৰতি বছৰে বিস্তাৰ ক্ষতি কৰি আহিছে। স্থানীয় ৰাইজৰ অনুৰোধ, দাবী, আন্দোলনৰ ফলত শেহতীয়াকৈ চৰকাৰে গাইনৈৰ নামনি অংশৰ বাওঁ দিশৰ মথাউৰিটো নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে যদিও মথাউৰিটো বেঁকা কৰি নিৰ্মাণ কৰিবলৈ লোৱা ফলত কিছু বিসংগতি হ’ব বুলি অনুমান কৰা হৈছে।
বেকাকৈ নিৰ্মাণ কৰিলে মথাউৰিটো ভবিষ্যতৰ কাৰণে সুৰক্ষিত নহ’ব। আনহাতেদি বাওঁ দিশৰ মথাউৰিটো বেকাঁকৈ নিৰ্মাণ হ’লে সোঁ দিশৰ মথাউৰিটোও বেকাঁ হৈ যাব। ফলত কেৰেকনি অঞ্চলৰ এটা অংশ নৈৰ বুকুত সোমাই পৰিব আৰু অঞ্চলটোলৈ ভাবুকি সৃষ্টি কৰিব।
আনহাতে গাইনৈৰ নামনিত বাওঁ দিশৰ মথাউৰিটো সম্প্ৰসাৰণ কৰাৰ বাবে বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে গাইনৈৰ নামনিত সোঁফালে কেৰেকনিৰ লগতে বৰাচিৰা, গোহাঁই গাঁও, বঙালমাৰী আদি অঞ্চললৈ ভাবুকি সৃষ্টি কৰিব। সভাত উপস্থিত সকলোৱে চৰকাৰ-বিভাগৰ এনে বিসংগতিপূৰ্ণ আৰু একপক্ষীয় পদক্ষেপক ক্ষুৰধাৰ সমালোচনা কৰে।

আনহাতে বুধবাৰে অঞ্চলটোৰ একাংশ লোকে এই সম্পৰ্কত সাংসদ প্ৰদান বৰুৱাক অৱগত কৰিবলৈ গৈছিল যদিও সাংসদ প্ৰদান বৰুৱাই ৰাইজক কোনোধৰণৰ নিশ্চয়তা নিদিলে। ৰাইজক আশ্বাস আশ্বাস দিয়াৰ সলনি ওলোটাই টান কথাহে শুনালে বুলি সভাত ক্ষোভ প্ৰকাশ কৰে। চৰকাৰ এনে হঠকাৰী পদক্ষেপৰ বিপৰীতে সমূহ কেৰেকনি, গোহাঁই গাঁও, বৰাচিৰা, বঙালমাৰী আদি অঞ্চলৰ ৰাইজে গনতান্ত্ৰিক আন্দোলনৰ পথ ল’ব বুলি ভাবুকি দিয়ে।
সভাত ধেমাজি গোহাঁই গাঁৱৰ নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী মনোজ দিহিঙীয়াই সভাপতিত্ব কৰা সভাখনিত কেৰেকনিৰ ৰমেন শইকীয়া, বিনোদ চুতীয়া, হেমচন্দ্ৰ গগৈ আৰু চন্দন জীয়ামৰীয়া, ধেমাজি গোহাঁই পঞ্চায়তৰ বাম গাঁৱৰ নিবাসী লীলা দাস, মনোজ কুমাৰ দাস, ধেমাজি গোহাঁই গাঁৱৰ মিৰেণ গোহাঁই আদিয়ে বক্তব্য ৰাখি তৎকালেই গাইনৈৰ নামনিৰ সোঁফালেও আসোঁৱাহ নোহোৱাকৈ মথাউৰি নিৰ্মাণ নকৰিলে ৰাইজে ৰাজ পথলৈ নামিব বুলি সকিয়াই দিয়ে।

