Breaking

১৫০০ নতুন চৰকাৰী কৰ্মচাৰীক নিযুক্তি পত্ৰ বিতৰণ, ৩০,৫০০ কোটি টকাৰ বহু উন্নয়নমূলক প্ৰকল্প জম্মুত উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

0 13

আজি জম্মু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজি দিনটোত জম্মুত আধাৰশিলা স্থাপন কৰাৰ লগতে কোটি কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও ১৫০০ নতুন চৰকাৰী কৰ্মচাৰীক নিযুক্তি পত্ৰও বিতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। জম্মু ভ্ৰমণ কৰি শিক্ষা, ৰে’লৱে, বিমান পৰিবহণ, পথকে ধৰি ৩০,৫০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিব আৰু ‘উন্নত ভাৰত, উন্নত জম্মু’ কাৰ্যসূচীৰ অধীনত বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব।


প্ৰধানমন্ত্ৰী মোদীয়ে জম্মুৰ পৰাই সমগ্ৰ দেশতে প্ৰায় ১৩,৩৭৫ কোটি টকাৰ বহু প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দেশৰ বাবে উৎসৰ্গা হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) ভিলাই, আই আই টি তিৰুপতি, আই আই টি জম্মু, আই আই টি ডি এম কাঞ্চিপুৰম, উন্নত প্ৰযুক্তিৰে আগশাৰীৰ দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান, ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান (আই আই আই এছ) কানপুৰৰ স্থায়ী চৌহদ আৰু কেন্দ্ৰীয় সংস্কৃত দেৱপ্ৰয়াগ বিশ্ববিদ্যালয় ( ই উত্তৰাখণ্ডত অৱস্থিত দুটা কেম্পাছৰে গঠিত) আৰু আগৰতলা (ত্ৰিপুৰা)। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) জম্মু, আই আই এম বৌধ গয়া আৰু আই আই এম বিশাখাপট্টনম দেশত উদ্বোধন কৰিব। জম্মু-কাশ্মীৰৰ জনসাধাৰণক ব্যাপক, মানসম্পন্ন আৰু সৰ্বাংগীন তৃতীয় পৰ্যায়ৰ যত্ন স্বাস্থ্য সুবিধা প্ৰদানৰ প্ৰয়াসত প্ৰধানমন্ত্ৰীয়ে জম্মুৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), বিজয়পুৰ (ছাম্বা), জম্মু উদ্বোধন কৰিব। আনহাতে আজি জম্মু বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰায় ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাত বিস্তৃত এই নতুন টাৰ্মিনেল ভৱনটোত আধুনিক সুবিধাৰে সজ্জিত কৰা হ’ব যাতে ভিৰ হোৱা সময়ত প্ৰায় ২০০০ যাত্ৰীক সেৱা আগবঢ়োৱা হ’ব।


Leave A Reply