Breaking

মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিটিআৰৰ তৰফৰ পৰা ডেৰশ ছাত্ৰক চাইকেল বিতৰণ

0 2,238

 ২৫ নবেম্বৰত  মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় খনৰ দশম আৰু একাদশ শ্ৰেণীৰ  দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ ডেৰশ ছাত্ৰক বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় ৷বিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ৰামকৰণ গোড়ৰ সভাপতিত্বত অনুষ্ঠিত  চাইকেল বিতৰণ অনুষ্ঠানত বিটিআৰৰ  ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দীপক মৌৰে ছাত্ৰছাত্ৰী ক উদ্দেশ্যি চাইকল খনৰ সদ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে  তেখেত পথত চাইকেল চলাওঁতে পথটো আগুৰি যোৱাৰ পৰিবৰ্তে শাৰী শাৰীকৈ যোৱাৰো পৰামৰ্শ আগবঢ়ায় ৷সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মথুৰ পাঠক ,প্ৰাক্তন সভাপতি পূৰ্ণৰাম ডেকা,উপাধ্যক্ষ তুলসী ৰাম নাথ,ওদালগুৰি জিলা ভূমি উপদেষ্টা সমিতিৰ সদস্য তথা সাংবাদিক মুনীন্দ্ৰ নাথ কলিতা ,অৱসৰী শিক্ষয়িত্ৰী হিমানী পাঠক প্ৰমূখ্যে ব্যক্তি সকল উপস্হিত থাকে ৷সভা খনৰ আঁত ধৰে বিদ্যালয়খনৰ অধ্যক্ষ সুভাষ দেই ৷অধ্যক্ষ গৰাকীয়ে লগতে বিদ্যালয় খনৰ সমস্যা সামাধানৰ বাবে এখন স্মাৰক পত্ৰও এমচিএলএ দীপক মৌৰৰ হাতত প্ৰদান কৰে ৷

Leave A Reply