Breaking

কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু সচেতন ব্যক্তিৰ সহযোগত অনাথ ছাত্ৰ-ছাত্ৰীৰ মাজত কম্বল বিতৰণ

0 34

দেওবাৰে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ কাৰ্যালয়ত শতাধিক অনাথ ছাত্ৰ-ছাত্ৰীক লৈ এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰে ৷ ছইদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক আব্দুল মালেকে ৷

অনাথ শিশুৰ দ্বাৰা কোৰান পাঠৰ পিছতেই “অনাথ শিশু তথা অনাথ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আমাৰ মহানুভৱতা কেনে হোৱা উচিত ” এই শিৰোনামাৰ ওপৰত বহলভাৱে আলোকপাত কৰে শিক্ষক তথা চিআৰচিচি মতিউৰ ৰহমান, সমাজ সেৱক জহুৰ আলী , শিক্ষাবিদ আব্দুৰ ৰহিম , বাহাৰুল ইছলাম , ফাৰুক হুছেইন , উদীয়মান যুৱক মজিবুৰ ৰহমানকে আদি কৰি বহু সচেতন লোকে ৷

সভাত উপস্থিত থকা অনাথ শিশুসকলক ঠাণ্ডা ৰুধিবলৈ কম্বল বিতৰণ কৰি ” আমি তোমালোৰ লগত আছো , সদায় থাকিম , তোমালোকে নিজৰ জীৱন গঢ়াত ব্ৰতি হোৱা ” বুলি উল্লেখ কৰি অতি শীঘ্ৰেই ‘অৰফেন চচাইটি’ গঠন কৰি অৱহেলিত আৰু পিতৃ-মাতৃহীন শিশুৰ উন্নয়ণত সকলো পদক্ষেপ ল’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে শিক্ষক আব্দুৰ ৰহিমে।

Leave A Reply