ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…

ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি চলি থকা “মেৰী লাইফ প্ৰগ্ৰেম”ৰ অধীনত আজি ১৭১নং বেটেলিয়ন চি আৰ পি এফ ডিব্ৰুগড়, অসমৰ চৌহদত অৱস্থিত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক গ্রন্থ প্রদান কৰা হয়৷ ডিব্ৰুগড়ৰ ৰিজাৰ্ভ পুলিচ লাইনৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ মুঠ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক চি আৰ পি এফৰ ১৭১নং বেটেলিয়নৰ দ্বিতীয় অধিনায়ক সঞ্জয় মৰৱানে গ্ৰন্থ বিতৰণ কৰে। ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ শিক্ষকসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ছেকেণ্ড কমাণ্ডিং অফিচাৰ-১৭১ বেটেলিয়ন সঞ্জয় মাৰৱানে উপস্থিত সকলোকে সম্বোধন কৰি আমাৰ জীৱনত কিতাপৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে।

তেওঁ জনাইছিল যে মানুহৰ প্ৰিয় বন্ধু কিতাপ আৰু ইয়েই কিতাপ যিয়ে আমাৰ বুদ্ধি আৰু বিবেকক জাগ্ৰত কৰে যাৰ ফলত আমি আমাৰ জীৱনৰ অবিৰত অগ্ৰগতিৰ পথত আগবাঢ়ি যাওঁ। এইদৰে আমি আমাৰ জীৱনত বহু দিশত কিতাপৰ পৰা লাভৱান হওঁ। গতিকে আমি সদায় কিতাপৰ লগত সংযুক্ত হৈ থকা উচিত যাতে আমি সঠিক আৰু শুদ্ধ চিন্তাৰে আমাৰ সমাজ আৰু দেশৰ বিকাশ ঘটাব পাৰো। এই কাৰ্যসূচীত উপস্থিত থকা সকলো ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু আনন্দিত দেখা গ’ল। এই অনুষ্ঠানত ৰবিচন্দ্ৰ আৰ. ডেপুটি কমাণ্ডেণ্ট-১৭১ বেটেলিয়ন, অধীনস্থ বিষয়া আৰু চি আৰ পি এফ জোৱানসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

Related Articles