ছিপাঝাৰত স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ উদ্যোগত আৰ্থিক সাহাৰ্য্য বিতৰণ৷ ৬৪ গৰাকী ৰোগীৰ প্ৰত্যেককে প্ৰদান কৰিলে দহ হাজাৰ টকাৰ চেক ৷ পৰ্যায় ক্ৰমে সমষ্টিটোৰ সকলো কৰ্কট আৰু কিডনী ৰোগীলৈ আগবঢ়োৱা হ’ব চিকিৎসা সাহাৰ্য্য ৷ ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ বিশেষ তৎপৰতাত সমষ্টিটোৰ কৰ্কট ৰোগীসকলৰ বাবে সু-চিকিৎসাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য পুজিৰ জড়িয়তে ছিপাঝাৰ সমষ্টিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলক সকাহ দিয়াৰ উদ্দেশ্য বিশেষ আঁচনি গ্ৰহণ কৰি আজি প্ৰথম পৰ্যায়ত ৬৪ গৰাকী ৰোগীলৈ আগবঢ়োৱা হয় দহ হাজাৰকৈ টকাৰ চেক ৷ বিধায়ক গৰাকীয়ে জনোৱা মতে পৰ্যায়ক্ৰমে আবেদনৰ ওপৰত ভিত্তি কৰি সকলো কৰ্কট ৰোগীকে দহ হাজাৰকৈ টকা আৰু আন আনুসংগিক চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব ৷ লগতে সমষ্টিটোত কিডনীৰ ৰোগত ভুগি থকা লোক সকলকো এই আঁচনিৰ জড়িয়তে সুবিধা প্ৰদান কৰা হ’ব ৷ ছিপাঝাৰৰ বিজেপি দলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত আজি ৰোগীসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰি এই ঘোষণা আগবঢ়ায় বিজেপিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৷

