Breaking

দৰঙত গুৱাহাটী জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱৰ খাদ্য সামগ্ৰী বিতৰণ ।

0 1,580

দৰঙৰ পৰা  জয়দেৱ ডেকা 

বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ বাবে ৰাজ্যত অব্যাহত আছে লকডাউন ৷ যাৰ বাবে এতিয়াও একাংশ লোক খাদ্য সংকটত ভুগিছে ৷ চৰকাৰী ভাবে আৰু বেচৰকাৰী সংস্থা সমুহে বিভিন্ন সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে যদিও একাংশ লোক এতিয়াও খাদ্য সংকটত ৷ এতিয়াও খাদ্য সংকটত পৰা লোক সকলক সহায়ৰ হাত আগবঢ়াবলৈ ছিপাঝাৰ সমষ্টিৰ দুটাকৈ মণ্ডল ক্ৰমে ছিপাঝাৰ মণ্ডল আৰু পাথৰিঘাট মণ্ডলৰ একাংশ লোকক সহায় আগবঢ়াবলৈ উপস্থিত হল গুৱাহাটী জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱ ৷ ছিপাঝাৰ মণ্ডলৰ পিছত দেওবাৰে পাথৰিঘাট মণ্ডল বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ খাদ্য সামগ্ৰী সমুহ অৰ্পণ কৰে পাথৰিঘাট মণ্ডল বিজেপিৰ কৰ্মকৰ্তাক ৷ পাথৰিঘাট মণ্ডল বিজেপিয়ে খাদ্য সংকটত পৰা লোক সকলক বিতৰণ কৰিব এই খাদ্য সামগ্ৰী সমুহ ৷  উল্লেখ্য যে পাথৰিঘাট মণ্ডল বিজেপি গঠিত ১২ টা পঞ্চায়ত এলেকাৰে ৷ আছে ২৪ টা শক্তি কেন্দ্ৰ ৷ পাথৰিঘাট মণ্ডল বিজেপি কাৰ্যালয়ত সামগ্ৰী অৰ্পণ অনুষ্ঠানত উপস্থিত আছিল পাথৰিঘাট মণ্ডলৰ সভাপতি হৰেন ডেকা , প্ৰাক্তন সভাপতি গজেন কলিতা , সম্পাদক দ্বয় ৰুক্ম বড়া আৰু শৰৎ নাথকে আদি কৰি কেইবাজনো কৰ্মকৰ্তা ৷ সামগ্ৰীখিনি দি আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে অশোক কুমাৰ ভাৰ্গৱক পাথৰিঘাট মণ্ডল বিজেপিয়ে ধন্যবাদ জ্ঞাপন কৰে ৷

Leave A Reply