Breaking

প্ৰধান মন্ত্ৰীৰ জন্মদিন উপলক্ষে লাহৰীঘাট মডেল হস্পিটেলত ৰোগীক ফলমূল বিতৰণ

0 2,031

 যোৱা ১৭  ছেপ্টেম্বৰৰ পৰা সমগ্র ভাৰতবৰ্ষতে বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজেৰে বি জে পি দলৰ কৰ্মকৰ্তা সকলে উলহ মালহেৰে উদযাপন কৰি আছে। যিহেতুকে এই কাৰ্যসূচী কুৰি দিনলৈ অব্যাহত থাকিব  , সেয়ে আজি মৰিগাঁও জিলাৰ লাহৰীঘাট মডেল হস্পিটেলত  অসম প্ৰদেশ বি জে পি সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা  নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু আৰু সু স্বাস্থ্য কামনা কৰি অৱসৰপ্ৰাপ্ত বন বিষয়া তথা বিগত বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ বি জে পি দলৰ প্ৰাৰ্থী, সমাজ সেৱক কাদিৰোজ্জামান জিন্নাৰ নেতৃত্বত দিনৰ ১১ বজাত ফলমূল বিতৰণ কৰা হয়।  উল্লেখ্য যে আজিৰ এই কাৰ্যসূচী ৰূপায়নত অংশ গ্ৰহণ কৰে  আবুল কালাম, মানিক , ছমিৰ পাল, আজিজুৰ ৰহমান,পৰীক্ষিত দেবনাথ,   নিৰ্জুল আমিন আৰু আবিদা বেগম। 

Leave A Reply