Breaking

নাজিৰাত সংবাদিকৰ মাস্ক বিতৰণ

0 111

নাজিৰা

 ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰে লগতে ৰাইজৰ মাজত সামাজিক সজাগতা কৰাৰ লক্ষৰে মঙলবাৰে নাজিৰাত সাংবাদিকসকলৰ তৰফৰ পৰা মাস্ক পৰিধান নকৰা লোকসকলৰ মাজত মাস্ক বিতৰণ কৰা হয়। নাজিৰা চাৰিআলিৰ পৰা আৰম্ভ কৰা এই মাস্ক বিতৰণত উপস্থিত থাকে নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতী গোস্বামী, মহকুমা আৰক্ষী বিষয়া দিপজ্যোতি তালুকদাৰ, নাজিৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত। নাজিৰাৰ সংবাদকৰ্মীসকলৰ হৈ উপস্থিত থাকে নাজিৰা জিলা সাংবাদিক সন্থাৰ সম্পাদক অনন্ত কলিতা, মু্ক্ত সাংবাদিক সন্থাৰ সম্পাদক দিলীপ হাজৰিকা, মুনীন্দ্ৰ নাথ শইকীয়া, জয়ন্ত বৰুৱা, পংকজ শইকীয়া, দিপজ্যোতি বৰগোহাঁই, বিকাশ আৰন্ধৰা, দিলীপ শইকীয়া। এই মাস্কবোৰ আগবঢ়োৱাৰ বাবে সাংবাদিক সন্দীপ বাৰ্মাক সকলোৱে শলাগ জ্ঞাপন কৰে।

Leave A Reply