লাহৰীঘাটৰ বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণ কৃষি বিভাগৰ

সম্প্ৰতি শাওনৰ বতৰ। পথাৰ খন সেউজীয়া কৰি তুলিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কৃষিজীৱী লোক সকলৰ মাজত দেখিবলৈ পোৱা গৈছে সীমাহীন ব্যস্ততা। মৰিগাঁও জিলাৰ বানপীড়িত অঞ্চল লাহৰীঘাট ৰাজহচক্ৰৰ এলেকাধীন ১৫  বিঘা মাটিত কৃষক সকলক  উন্নত মানৰ   শালিধানৰ কঠিয়া যোগান ধৰাৰ লক্ষ্যৰে জিলা কৃষি বিভাগৰ তৰফৰ কেইবা ঠাইত পেলাইছে কঠিয়া।

আজি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ২ নং বৰবৰিত  জিলা কৃষি বিভাগৰ দ্বাৰা উন্নত জাতৰ বাহাদুৰ শ্ৰাব নামৰ শালিধানৰ কঠিয়া বিতৰণৰ শুভাৰম্ভ কৰে বানপীড়িত কৃষকৰ মাজত। কঠিয়া বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে  কৃষি সম্প্ৰসাৰণ সহায়ক  তৰুণ নাথ। এই উন্নত মানৰ কঠিয়াৰ জৰিয়তে বিঘাই প্ৰতি ১৮/২০মোন ধান উৎপাদন হব বুলি আশাবাদী কৃষক ৰাইজ । কৃষি বিভাগৰ এনে পদক্ষেপৰ শলাগ লয় অঞ্চলটোৰ কৃষিজীৱী ৰাইজে। 

Related Articles