Breaking

মিছন বসুন্ধৰাৰ ২.০ ৰ অধীনত ৰহাত ১৫০ গৰাকী লোকক ভূমি পট্টা বিতৰণ…

0 37

মিছন বসুন্ধৰাৰ ২.০ ৰ অধীনত বুধবাৰে ৰহাত গৰাকী ১৫০গৰাকী লোকক ভূমি পট্টা বিতৰণ কৰা হয়। ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ এই ভূমি পট্টা বিতৰণৰ এই চৰকাৰী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে।

ৰহা সমষ্টিৰ ৰহা ৰাজহ চক্ৰৰ ৩০৪গৰাকী, কামপুৰ ৰাজহ চক্ৰৰ ৩৪গৰাকী আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ ১২গৰাকী লোকক এই ভূমি পট্টা বিতৰণ কৰা হয়।

ৰহা ৰাজহ চক্ৰৰ উদ্যোগত আয়োজিত এই ভূমি পট্টা বিতৰণ অনুষ্ঠানত নগাঁও জিলাৰ বিভাগীয় অতিৰিক্ত উপায়ুক্ত, ৰহা পৌৰসভাৰ পৌৰপতি আদি উপস্থিত থাকে।

Leave A Reply