Breaking

কমলপুৰত মাইক্ৰ’ফাইনেন্স আৰু পিএমজিএছৱাই চেক বিতৰণ

0 1,069

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে কমলপুৰ বিধানসভা সমষ্টিৰ কৰৰাত মিনি ষ্টেডিয়ামতো অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021 চেক আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2021-22 বৰ্ষৰ সজগতা আৰু হিতাধিকাৰী পত্ৰ প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়।সমষ্টিটোৰ প্রায় ৮ হাজাৰ লোকৰ মাজত মাইক্ৰফাইন্সৰ চেক হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰাৰ লগতে বিহদিয়া জাজিকোণা উন্নয়ন খণ্ডত ৩৮৭৯ গৰাকীয়ে আৰু কমলপুৰ উন্নয়ন খণ্ডত ২৬৭৩ গৰাকী হিতাধীকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ প্ৰথম কিস্তিৰ অনুদান লাভ কৰে।হিতাধীকাৰীসকলে যাতে কোনো দাদালক প্ৰশ্ৰয় নিদিবলৈ আহ্বান আৰু যদিহে কোনো ব্যক্তি এই বিষয়ত জড়িত হয় তেনেহলে দিওতা আৰু ল‌ওতা জেললৈ যাব বুলি সকিয়নী প্ৰদান কৰে বিধায়ক দিগন্ত কলিতাই।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‌ইকীয়াৰ লগতে বিভিন্ন বিভিন্ন চৰকাৰী উচ্চ পদস্থ বিষয়া সকল।

Leave A Reply