ক’ৰোণা মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ সময়ছোৱাত আৰ্থিকভাৱে ভাগি পৰা দৰিদ্ৰ পৰিয়াল সমূহক সাময়িক সকাহ দিয়াৰ বাবে চৰকাৰে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে প্ৰদান কৰিছে চাইল ৷ সমবায় সমিতি সমূহৰ ডীলাৰৰ জৰিয়তে প্ৰদান কৰা চাউল আজি দক্ষিণ কামৰূপৰ বকোৰ ছমৰীয়া সত্ৰ এলেকাৰ হিতাধিকাৰীৰ মাজতো বিতৰণ কৰা হয় ৷ ছমৰীয়া সত্ৰৰ ডীলাৰ প্ৰদীপ কলিতাৰ অধীনৰ ১১৮ গৰাকী ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীৰ মাজত কাপোৰৰ মোনাৰ সৈতে ৫ কেজিকৈ চাউল বিতৰণৰ কৰা কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ছমৰীয়া সত্ৰৰ জেষ্ঠ বিজেপি কৰ্মী দীপু বায়নে ৷ ইতিমধ্যে, ছমৰীয়া গাওঁপঞ্চায়ত সমবায় সমিতিৰ অধীনৰ ৮১৫৬ গৰাকী ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীৰ মাজত ছমৰীয়া মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ মজুমদাৰৰ তৎপৰতাত প্ৰধান মন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ চাউল বিতৰণ অভিযান চলি থকা বুলি জানিবলৈ দিয়ে জেষ্ঠ বিজেপি কৰ্মী গৰাকীয়ে ৷

