ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত অপাৰেচনৰ সদ্ভাৱনা আঁচনিৰ অধীনত আজি তামুলপুৰ মহকুমাৰ ভাৰত- ভূটান সীমান্তৰ পাটকীজুলি উচ্চমাধ্যমিক বিদ্যালয়ৰ ৩০ গৰাকী দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় ৷ আজি পুৱা ১১ বজাত পাটকীজুলি হাইস্কুল প্ৰাংগনত চাইকেল বিতৰণ অনুষ্ঠান মুকলি কৰি ভাৰতীয় ৰেড হৰ্ণ ডিভিজনৰ দৰংগামেলাস্থিত চাউনিৰ মেজৰ অংকিত সিং বানিয়ে কয়, ভাৰতীয় সেনাবাহিনী আৰু সীমান্তত বসবাস কৰা জনসাধাৰণৰ মাজত এটা সূ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে ১৯৯৮ চনৰে পৰা ভাৰতীয় সেনা বাহিনীয়ে অপাৰেচন সদভাৱনা আঁচনিৰ অধীনত সীমান্ত অঞ্চলৰ পিচপৰা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন উন্নয়ন মুলক কাম কৰি আহিছে ৷ বিশেষকৈ সীমান্তত বসবাস কৰা দুখীয়া পৰিয়ালৰ লোক সকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে মহিলা সকলক বিভিন্ন কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ দিয়া, চিকিৎসা সেৱা আগবঢ়োৱা, ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণত সহায় কৰা আদি বিভিন্ন জনকল্যান মূলক কাম কৰা ৷ তাৰ অংশ হিচাপে আজি ভূটান সীমান্তৰ পাটকীজুলি অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসুচী হাতত লোৱা হৈছে ৷ যাতে সীমান্ত অঞ্চলৰ দুৰ দুৰনিৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত সঠিক সময়ত উপস্থিত হৈ ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে ৷ চাইকেল বিতৰণ কৰি সেনা বিষয়া গৰাকীয়ে কয় মই আশা কৰিম ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ অনুশাসন মানি ভালদৰে অধ্যয়ন কৰি নিজকে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, পিতৃ-মাতৃৰ নাম উজলাই তুলিব ৷ সেনা বিষয়া গৰাকীয়ে পৰবৰ্তী পৰ্যায়ত অঞ্চলটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পুনৰ চাইকেল বিতৰণ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আজিৰ চাইকেল বিতৰণ অনুষ্ঠানত দৰংগামেলা আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে, সমাজকৰ্মী দকচিম হেম্বৰম, পাটকীজুলি উচ্চমাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক মিছাইল মছাহাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহ শিক্ষক – শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…