প্ৰজন্ম এনজিঅ’ৰ উদ্যোগত আৰু মবিলিটি ইণ্ডিয়াৰ সহযোগত শনিবাৰে তামুলপুৰ পূৰণ চ’কত থকা এনজিঅ’ৰ নিজা কেন্দ্ৰত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি অঞ্চলটোৰ পাঁচ গৰাকী জ্যেষ্ঠ বিশেষ ভাৱে সক্ষম লোকক হুইল চেয়াৰ বিতৰণ কৰে।
উল্লেখ্য যে, উক্ত এনজিঅ’ টোৱে ২০২২ চনৰ পৰাই উক্ত অঞ্চলটোৰ জনহিতাৰ্থে কাম কৰি আহিছে। বিশেষকৈ অঞ্চলটোৰ বিশেষ ভাৱে সক্ষম শিশু, মহিলা, বৃদ্ধা সকলক থেৰাপীৰ জৰিয়তে ৰোগ নিৰাময়ৰ লগতে সময়ে সময়ে ষ্টিক, হুইল চেয়াৰ, হেয়াৰিঙ মেচিন আদি প্ৰদান কৰি আহিছে।

তাৰেই পৰিপ্ৰেক্ষিতত আজি এটা বিতৰণ কাৰ্যসূচীৰ জৰিয়তে এখন সভা অনুষ্ঠিত কৰি পাঁচ গৰাকী জ্যেষ্ঠ বিশেষ ভাৱে সক্ষম লোকক হুইল চেয়াৰ বিতৰণ কৰা হয়। আজিৰ এই অনুষ্ঠানটোত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, ইউপিপিএল নেতা প্ৰশান্ত ৰামচিয়াৰী, গনেশ নাথ, নৰহৰি মহন্ত, লম্বোধৰ বড়ো সহ এনজিঅ’ৰ বিষয়ববীয়া তথা ফিজিঅ’ থেৰাপিষ্ট, ডক্টৰ আৰু বিশেষ ভাৱে সক্ষম লোক সকল উপস্থিত থাকে।

আগন্তুক দিনটো বিশেষভাবে সক্ষম লোকসকলৰ সুবিধাৰ্থে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি এনজিঅ’ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

