Breaking

লাহৰীঘাটৰ টেঙাগুৰিত আয়ুষ্মান কাৰ্ড সন্দৰ্ভত জিলা উপায়ুক্তৰ সজাগতা সভা…

0 75

আজি টেঙাগুৰি জামে মছজিদৰ প্ৰাঙ্গণত জুম্মা নামাজৰ পিছত আয়ুষ্মান কাৰ্ড সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়।সজাগতা সভাখনত মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মা উপস্থিত থাকি আয়ুষ্মান কাৰ্ড সন্দৰ্ভত বিতংকৈ আলোচনা কৰে।এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালে চিকিৎসাৰ বাবদ ৫ লাখকৈ টকা চৰকাৰী সাহাৰ্য্য লাভ কৰিব।

যি সকল ব্যক্তিয়ে আয়ুষ্মান কাৰ্ড বনোৱাৰ লগতে ৰেচন কাৰ্ডৰ লগত সংযোগ কৰা নাই সেই সকল ব্যক্তিক অতি সোনকালেই কম সময়ৰ ভিতৰতে ৰেচন কাৰ্ডৰ লগত সংযোগ কৰিবলৈ জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই আহ্বান জনোৱাৰ লগতে এই কাম কৰিবলৈ কিবা অসুবিধা পালে উপায়ুক্ত গৰাকীৰ লগত পোনপটীয়া যোগাযোগ কৰিবলৈও ৰাইজক আহ্বান জনায়।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply