১২ডিচেম্বৰত জনসংখ্যা সমাধান ফাউনণ্ডেশ্যন ,ওদালগুৰি জিলা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা ওদালগুৰি টাউন গোর্খা ভৱনত দিনৰ ১১ বজাত অনুষ্ঠিত হয়।উক্ত সভাৰ সভাপতিত্ব কৰে জিলাৰ প্ৰাক্তন সভাপতি লোক বাহাদুৰ ছেত্ৰী দেৱে ।
ভাৰত মাতাক পূজনেৰে আৰম্ভণি কৰি দ্বীপ প্ৰজ্বলন কৰে ৰাজ্যিক সভাপতি তথা জিলা সভাপতি দ্বয়ে । শ্বহীদ CDS বিপিন ৰাৱট তথা তেওঁৰ পত্নী আৰু ১৩ জন শ্বাহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে এক মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয়। সভাত পুৰণা সমিতিৰ কাৰ্যকাল সমাপ্ত হোৱা বাবে সৰ্বসম্মতিৰে ভংগ কৰি সংযোজক পুষ্প ঢকাল দেৱক নতুন সভাপতিৰ দ্বায়িত্ব অৰ্পণ কৰা হয় আৰু ৫১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

উক্ত সভাত জনসংখ্যা সমাধান ফৌণ্ডেশ্যনৰ উদ্দেশ্য বৃহৎ ভাৱে দাঙি ধৰে ৰাজ্যিক অধ্যক্ষ হৰেন্দ্ৰ বৰা আৰু মহিলা শক্তি জাগৰণৰ বিষয় দাঙি ধৰে ৰাজ্যিক মহিলা অধ্যক্ষা ৰুবি সিংহই ৷ সভাত উপস্থিত থাকে ৰাজ্যিক মহাসচিব ভাস্কৰ দাস আৰু শ্ৰী অপৰূপা বৰঠাকুৰ , জিলাৰ প্ৰভাৰী কেভিন সূত্ৰধৰ ,নেপালী সাহিত্য সভা জিল্লা সভাপতি লক্ষ্মণ অধিকাৰী , সম্পাদক মোহন ৰাৱটকে মূখ্য কৰি জিলাৰ সকলো অঞ্চলৰে JSF ৰ প্ৰতিনিধি । সভাৰ অন্তত শলাগৰ শৰাই দাঙি ধৰে জিলা সাধাৰণ সম্পাদক চান গোস্বামীয়ে ৷
নব কুমাৰ ডেকা

