Breaking

বিহালীৰ ৰাংছালিত জিলা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন

0 2,026

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বিশ্বনাথ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি বিহালী ৰাংচালিত অনুষ্ঠিত হ’ব। বিশ্বনাথ জিলা কবি সন্মিলনৰ হাৱাজানত অনুষ্ঠিত বৰ্দ্ধিত কাৰ্যানিৰ্বাহ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। হাৱাজান কবি চক্ৰৰ আতিথ্যত হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্বনাথ জিলা কবি সন্মিলনৰ বৰ্ধিত আৰু কাৰ্যনিৰ্বাহকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। জিলা কবি সন্মিলনৰ সভানেত্ৰী সবিতা কোঁৱৰৰ সভাপতিত্ব অনুষ্ঠিত সভাখন আঁত ধৰে জিলা সম্পাদক অনিত শইকীয়াই। হাৱাজান কবি চক্ৰৰ সভাপতি নকুল মহন্তই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি তথা জিলা উপদেষ্টা নগেন কোঁৱৰ, বিশ্বনাথ জিলা  কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক বিপিন বৰাই সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰে। সভাত বিশ্বনাথ জিলা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক ৰূপজ্যোতি শইকীয়াই বাৰ্ষিক মুখপত্ৰ ‘শব্দালয়’ প্ৰকাশৰ অগ্ৰগতি বিষয়ে সভাত বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত সৰ্বসন্মতি ক্ৰমে কমলেশ্বৰী বৰুৱা বাঢ়ৈক পত্ৰিকা সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰাৰ লগতে পত্ৰিকাখনি কাৰ্যকৰী সভাপতি হিচাপে চাও চন্দন বৰুৱাক কাৰ্যনিৰ্বাহক সভাই দায়িত্ব অৰ্পণ কৰি ক্ষীপ্ৰতাৰে পত্ৰিকাখনি প্ৰকাশৰ দায়িত্ব অৰ্পণ কৰে। সভাতে জিলা কবি সন্মিলনৰ তৰফৰ পৰা প্ৰতি দ্বি-বাৰ্ষিক অধিৱেশনত কেইবাটাও বঁটা প্ৰদান কৰাৰ কথাও আলোচনা কৰা হয়। সেই সম্পৰ্কে বঁটাৰ দাতা বিচাৰিবলৈ সম্পাদকক দায়িত্ব অৰ্পণ কৰে। উল্লেখ্য যে বিহালীৰ ৰাংছালিত জিলা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত প্ৰফুল্ল হাজৰিকাই ভূপেন হাজৰিকাৰ গীতত কাব্য ৰূপ সম্পৰ্কে আলোকপাত কৰাৰ লগতে নিৰঞ্জন দাস, মৃণালী চেতিয়া, ৰুণু দেৱী বৰুৱা, মালবিকা ভাগৱতী, শিৱ শংকৰ হাজৰিকা, ৰাজশ্ৰী পৰাশৰ, পদূমি শইকীয়াই স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

Leave A Reply