Breaking

৪, ৫ জানুৱাৰীত কামৰূপ মহানগৰত জিলা পৰ্যায়ৰ খেল মহাৰণ…

0 29

কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ, ২০২৩-২৪ৰ খেলসমূহ অহা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়াম, ছাই খেলপথাৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত খেলসমূহ অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়ামত ৪ জানুৱাৰীৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰু ৫ জানুৱাৰীৰ বিয়লি পুৰস্কাৰ বিতৰণৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷

খেলুৱৈ সকলৰ যাতায়ত, খোৱা-বোৱা, খেল পৰিচালনা আদি বিষয়ত আলোচনাৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ পৌৰোহিত্যত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিভিন্ন দায়িত্বত থকা বিষয়া- কৰ্মচাৰীসকলক তেওঁলোকৰ দায়িত্বসমূহ বুজাই দিয়া হয়৷

Leave A Reply