Breaking

ওদালগুৰিত জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা …

0 55

ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আজি ওদালগুৰি টাউন কমিটিৰ সভা গৃহত জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয় যায়।ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উপদেষ্টা দেৱৰাজ সাপকোটাই জাতীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ।

যোগাসন ক্ৰীড়া প্ৰতিযোগিতা খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা আয়ুক্ত নিলাক্ষী বৈশ্য,
জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিশ্বনাথ কছাৰী, সম্পাদক মিতু শইকীয়া, সমাজ কৰ্মী বিকণ চন্দ্ৰ ডেকাই, আনহাতে প্ৰতিযোগিতা আৰম্ভণিতে ওদালগুৰি জিলা পৌৰসভাৰ সভাপতি ৰাকেশ বড়োয়ে ছাত্র ছাত্ৰী উদ্দেশ্য আনুষ্ঠানিক শিক্ষাৰ লগতে আনুসংগিক দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উক্ত প্ৰতিযোগিতা খন পৰিচালনা কৰে ফাৰহান নাজিন, যিতু মহন্ত, জিতুমণি ডেকাৰ লগতে ষ্টাফ ৰেফাৰী অৰূপ ডেকাই।অনুষ্ঠান খনত সহযোগ কৰে উত্তম উপাধ্যয়, সন্ধ্যা দেৱীয়ে।আজিৰ প্ৰতিযোগিতা ফলাফল অনুসৰি ৯ বছৰ অনুৰ্ধৰত প্ৰথম স্থান পাই খুচি প্ৰিয়া ডেকাই, দ্বিতীয় স্থান পাই বিশাল ডেকাই,তৃতীয় স্থান পাই গায়ত্ৰী ডেকাই, চাব জুনিয়ৰ লৰা শাখাৰ ৯-১৪ বছৰ অনুৰ্ধৰত প্ৰথম স্থান লাভ কৰে গৌতম ডেকাই, দ্বিতীয় স্থান লাভ কৰে ।

পবন গৌড়ে,তৃতীয় স্থান লাভ কৰে অনুৰাগ শিৱম ডেকাই, ১৮ বছৰ উৰ্ধৰ জ্যেষ্ঠ শাখাত প্ৰথম স্থান লাভ কৰে নিৰ্মালি দাস,চাব জুনিয়ৰ ছোৱালী শাখাৰ ৯-১৪ বছৰ অনুৰ্ধৰ প্ৰথম স্থান লাভ কৰে দীক্ষীতা ডেকা, দ্বিতীয় স্থান লাভ কৰে মুন্নী ডেকা, তৃতীয় স্থান লাভ কৰে চেলিনা তিৰকীয়ে আনহাতে জুনিয়ৰ ১৪-১৮ বছৰঅনুৰ্ধৰ শাখাৰ প্ৰথম স্থান লাভ কৰে সঙ্গীতা তিৰকী,দ্বিতীয় স্থান লাভ কৰে মানসি কুজুৰে আৰু তৃতীয় স্থান লাভ কৰে ছুমাটি এক্কায়ে।

Leave A Reply