Breaking

চামতাত “দিঠকত হেৰাল সপোন” কথাছবিৰ প্ৰচাৰ অনুষ্ঠান সম্পন্ন

0 2,023

অলপতে  মুক্তি পাব লগা অসমীয়া কথাছবি “দিঠকত হেৰাল সপোন” ছবিখনৰ কালি  এক বিশেষ প্ৰচাৰ অনুষ্ঠান সম্পন্ন হয় চামতাস্হ  পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত ।প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰনী বৰ্মন সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিশেষ ‘প্ৰ’মো’ অনুষ্ঠানত পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ প্ৰযোজক অজিত বৰ্মন আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাই ছবিখন সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ছবিখন আদৰি ল’বলৈ সকলোকে বিনম্ৰ আবেদন জনায় । প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মনৰ সঞ্চালনাত আৰু সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে আঁত ধৰা এই প্ৰচাৰ কাৰ্যসূচীত বিশিষ্ট অভিনেতা হিৰণ্য বৰ্মন, ছবিখনৰ অভিনয় শিল্পী মুকুল দাস, হৰিশ তালুকদাৰ, নাৰায়ণ শীল, সমাজসেৱী যোগেশ তালুকদাৰে “দিঠকত হেৰাল সপোন” – শীৰ্ষক চলচ্চিত্ৰখনে দৰ্শকক সন্তুষ্ট কৰিব পাৰিব বুলি উল্লেখ কৰি শুভেচ্ছামূলক বক্তব্য ৰাখে । অনুষ্ঠানত প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, উপ সভাপতি দ্বীপেন মেনা, প্ৰাক্তন ছাত্ৰনেতা এম হাছান আলী, অভিনেতা গৌতম বৰ্মন, সাংস্কৃতিক কৰ্মী হিৰণ্য ৰাজ, কণ্ঠশিল্পী তৃষ্ণা শৰ্মা, কবি নিবেদিতা ডিম্পল, সাংবাদিক ৰূপ কুমাৰ শৰ্মা, চাইদুল ইছলাম, পৰাগ দাস প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । মুক্তিৰ পূৰ্বেই ইতিমধ্যে “কলাকৰি ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল – ২০২১” ৰ মুখ্য শাখাত নমিনেচন লাভ কৰিছে । এইফালে, টেগৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছে । মুক্তিৰ পথত থকা ছবিখনৰ পৰিচালক পংকজ পল্লৱ শৰ্মাই “ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড – ২০২১” লাভ কৰাত ছবিখনৰ পৰিয়াল গোষ্ঠীয়ে সন্তোষ প্ৰকাশ কৰিছে । “দিঠকত হেৰাল সপোন”ৰ কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা পংকজ পল্লৱ শৰ্মাৰ । সংগীত আৰু গীতৰ কথা অপূৰ্ৱ বেজবৰুৱাৰ আৰু অজিত বৰ্মনৰ । গীতকেইটিত কণ্ঠদান দিছে কণ্ঠশিল্পী অনিমা চৌধুৰী, সুকন্যা গোস্বামী, দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মনে । চিত্ৰগ্ৰহণ লক্ষী নাথ আৰু সদা হালৈৰ । ছবিখনত অভিনয় কৰিছে প্ৰবীণ অভিনেত্ৰী মণি বৰা, মুকুল দাস, নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভড়ালী, অজিত বৰ্মন, ডাঃ প্ৰণৱ শৰ্মা, দিগন্ত কুমাৰ নাথ, প্ৰাণজিত লোচন শৰ্মা, প্ৰণৱজ্যোতি কলিতা, দিপু কাকতি, পংকজ পল্লৱ শৰ্মা, হৰিশ তালুকদাৰ, দিলজিৎ বৰ্মন, নৃপাল বৰ্মন, চন্দানিকা বৰ্মন, হৃদয় ৰাজ, ভায়োলিনা, আইজনী ডেকা, জিতুমণি ডেকা, দীপা ভট্টাচাৰ্য আদি অভিনয়শিল্পীৰ লগতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগতা জৰ্জিয়া মেধিয়ে । ছবিখনৰ মুক্তিৰ দিন ইতিপূৰ্বে ঘোষণাৰ পিছত কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত একাধিকবাৰ স্থগিত ৰাখিব লগা ছবিখন এইবাৰ অহা ডিচেম্বৰ মাহৰ অন্তিম পষেকত মুক্তি দিয়াৰ বাবে যো-জা চলোৱা বুলি প্ৰযোজক গোষ্ঠীয়ে আজি সাংবাদিকক জানিব দিছে ।

Leave A Reply