Breaking

আইৰণৰ অভাৱ হ’বলৈ নিদিব শৰীৰত। নেমু, কচু, বুটমাহ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় খাদ্য…

0 153

শৰীৰত আইৰণৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে জানেনে? আমাৰ দৈনিক খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে আইৰণ থকা খাদ্য অন্তভুক্ত কৰিব লাগে। নহ’লে শৰীৰত বহু সমস্যাই দেখা দিব পাৰে। আইৰণৰ অবিহনে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে, গতিকে এই পুষ্টিকৰ উপাদানৰ অভাৱত হিম’গ্লবিন কমিবলৈও আৰম্ভ কৰে। গতিকে আপুনি আইৰণ লাভৰ বাবে নেমু, কচু, বুটমাহ, পিষ্টাচিয়া, শুকান কিচমিচ, অমিতা, কলৰ দৰে বস্তু খাব পাৰে। আইৰণৰ অভাৱত আমৰ কি কি অসুবিধা হয় জানি লওক…

১/ ৰক্তহীনতা
আইৰণৰ অভাৱৰ বাবে আমি ৰক্তহীনতাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰো। এই ৰোগত তেজৰ অভাৱ হয়, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা অধিক। সেইবাবেই প্ৰতিদিনে আইৰণ থকা কিবা এটা খাদ্য খাব লাগে।

২/ দুৰ্বলতা
শৰীৰত আইৰণৰ অভাৱ হ’লে হিম’গ্লবিনৰ পৰিমাণ কমি যায়। যাৰ বাবে ভাল টোপনি অহাৰ পিছতো দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হয়। ইয়াৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজতো অসুবিধাৰ সন্মুখীন হয়।

৩/ হৃদৰোগ
বৰ্তমান হৃদৰোগৰ সংখ্যা বৃদ্ধি পাইছে। শৰীৰত আইৰণৰ অভাৱৰ বাবে হিম’গ্লবিনৰ অভাৱ হয়। ইয়াৰ বাবে শৰীৰৰ বহু অংশত অক্সিজেন সঠিক পৰিমাণত উপনীত নহয়, যাৰ বাবে হৃদযন্ত্ৰৰ সমস্যাৰ বৃদ্ধি পায়।

৪) চুলি আৰু ছালৰ ৰোগ
আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবেও আইৰণে কাম কৰে। যদি শৰীৰত আইৰণৰ অভাৱ হয়, তেন্তে ছাল আৰু চুলিৰ সমস্যাই বৃদ্ধি পায়। যেনে ছাল শুকান হোৱা, দাগ পৰা, ছালৰ ৰং কমি যোৱা ইত্যাদি। ইয়াৰ উপৰিও চুলি সৰা আৰু উফিৰ সমস্যাও দেখা যায়।

Leave A Reply