Breaking

খালী পেটত এই ৩টা বস্তু নাখাব, স্বাস্থ্যৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা…

0 107

ৰাতিপুৱা আমাৰ পেট একেবাৰে খালী হৈ থাকে। খালী পেটতে যি টি খাদ্য সেৱন কৰিব নালাগে। ৰাতিপুৱা খালী পেটত কি কি খাব নালাগে জানক এই বিষয়ে…

চ্যুইংগাম
শিশু আৰু যুৱক-যুৱতীসকলে চ্যুইংগামৰ প্ৰতি অতি আকৰ্ষিত, কিন্তু খালী পেটতে চ্যুইংগাম খাব নালাগে। প্ৰাকৃতিক প্ৰক্ৰিয়া অনুসৰি যেতিয়াই আপুনি যিকোনো বস্তু চোবাই খাবলৈ আৰম্ভ কৰে তেতিয়াই পেটত পাচন এচিড নিৰ্গত হ’বলৈ আৰম্ভ কৰে। খালী পেটত থকা এই এচিডবোৰে পেটৰ আলচাৰ বা এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে চ্যুইংগাম খাদ্য খোৱাৰ পিছতহে খাব লাগে।

মদ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, ইয়াৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাটোৱে ভাল। ইয়াৰ ব্যৱহাৰে যকৃতৰ ক্ষতি আৰু হাৰ্ট এটেকৰ আশংকা সৃষ্টি কৰে। আনহাতে খালী পেটত খোৱাটো আৰু অধিক ক্ষতিকাৰক। যদি আপুনি খালী পেটত মদ খায়, আপোনাৰ তেজ,নাড়ীৰ ক্ষতিৰ লগতে ৰক্তচাপও বৃদ্ধি পাব।

কফি
কফি খালে আপোনাৰ ভাগৰ দূৰ হয় আৰু সতেজতাৰ অনুভৱ হয়, বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কফি খোৱাৰ অভ্যাস থাকে। কিন্তু এই কাম একেবাৰেই নকৰিব, কাৰণ এই পানীয়ে হাইড্ৰক্লৰিক এচিড বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত পেটত জ্বলা-পোৰা হ’ব পাৰে। গতিকে খালী পেটত কফি খাব নালাগে।

Leave A Reply