গাখীৰৰ সৈতে নাখাব এইসমূহ বস্তু। আপোনাৰ স্বাস্থ্যৰ হ’ব পাৰে ক্ষতি…

দৈনিক গাখীৰ খালে আমাৰ শৰীৰে কেলচিয়াম লাভ কৰে। কিন্তু কিছুমান বস্তু আছে যিবোৰ ভুলতেও গাখীৰৰ লগত খাব নালাগে, নহ’লে বেমাৰ হ’ব পাৰে। গাখীৰ খোৱাৰ ফলত কেলচিয়াম পোৱা যায়, যিয়ে আমাৰ হাড়ক মজবুত কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। গাখীৰৰ লগত কি কি বস্তু খাব নালাগে জানো আহক…

আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে বিলাহী কেতিয়াও গাখীৰৰ লগত খাব নালাগে। ইয়াৰ কাৰণ হ’ল বিলাহী এচিডিক। গাখীৰৰ সৈতে বিলাহী খালে বমি আৰু ডায়েৰিয়া হ’ব পাৰে।

কোনো টেঙা বস্তুৰ লগত কেতিয়াও গাখীৰ খোৱা উচিত নহয়। এনে কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। এই সংমিশ্ৰণ হৰম’নৰ বাবে ভাল বুলি গণ্য কৰা নহয়। আপুনি বদহজম, জ্বলন আদি সমস্যাত ভুগিব পাৰে।

যেতিয়াই আচাৰৰ সৈতে ৰুটি বা ভাত খাই থাকে তেতিয়া কেতিয়াও গাখীৰ খোৱা উচিত নহয়। এনে কৰিলে আপোনাৰ হজম শক্তি বিঘ্নিত হ’ব পাৰে।

দৈ, লাচী বা কলৰ বাহিৰে আন কোনো ফলৰ দৰে টেঙা বস্তু খাওঁতে কেতিয়াও গাখীৰ খোৱা উচিত নহয়। এনে কৰিলে হজম শক্তি বেয়া হয় আৰু বমি , ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে।

Related Articles