Breaking

যুৱ শক্তিয়ে ৰাজনীতি কৰক (ৰাজনীতিত নতুন মুখৰ আৱিৰ্ভাৱ হওঁক)

0 1,251

প্ৰাঞ্জল প্ৰতীম ডেকা

সময়ে-সময়ে চৰ্চিত হয় এটা প্ৰশ্ন-“যুৱশক্তিয়ে ৰাজনীতি কৰা উচিত নে অনুচিত?” উত্তৰত একাংশই ক’ব খোজে-যুৱচামে ৰাজনীতি কৰা অনুচিত, ৰাজনীতি শিকাহে উচিত। কিন্তু, সেই একেখিনি যুৱ-ছাত্ৰক আন্দোলন কৰা অনুচিত বুলি কোনেও নকয়। এতিয়া কথা হ’ল- “ৰাজনীতিনো কি?” কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল-এটা শিশুৱে জন্মৰ পিছৰে পৰাই ৰাজনীতি কৰিবলৈ শিকে। শিশুটোৰ যেতিয়া ভোক লাগে,  তেতিয়া সি কান্দে। অৰ্থাৎ শিশুটোৱে কান্দোনেৰে তাৰ ভোক নিবাৰণৰ অধিকাৰ সাব্যস্ত কৰে। সেয়া হৈছে শিশুটোৰ বাবে ৰাজনীতি। তেনেস্থলত ক’ব পাৰি যে-নিজৰ দাবী বা অধিকাৰ সাব্যস্ত কৰাটো এক প্ৰকাৰৰ ৰাজনীতি। গতিকে ছাত্ৰই যদি আন্দোলন কৰিব পাৰে, ছাত্ৰই যদি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিব পাৰে, ছাত্ৰই যদি প্ৰতিবাদ কৰিবলৈ গৈ পুলিচৰ কোবো খাব পাৰে ! তেন্তে ছাত্ৰই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ বা প্ৰাপ্যৰ বাবে ৰাজনীতি কৰিব নোৱাৰাৰ কাৰণ ক’ত?  ছাত্ৰ সমাজৰ উদ্যম আছে, অফুৰন্ত সাহস আছে। তদুপৰি আজিৰ ছাত্ৰ বা যুৱশক্তি ৰাজনৈতিক ভাৱেও যথেষ্ট সচেতন, সক্ৰিয় আৰু জ্ঞানপুষ্ট। আজিৰ ছাত্ৰ তথা যুৱচামে কেৱল ৰাজনীতি শিকিলেই নহ’ব, ৰাজনীতি কৰিবও লাগিব। সমাজত ডাক্তৰ-ইঞ্জিনিয়াৰ বা নাপিতৰ যিমান প্ৰয়োজন, সমান্তৰালভাৱে দক্ষ ৰাজনৈতিক নেতাৰো প্ৰয়োজন। যি প্ৰয়োজন পূৰাব লাগিব আজিৰ ছাত্ৰ-যুৱ প্ৰজন্মই। একেখন আঞ্জাই আমুওৱাৰ দৰে ৰাজনীতিটো পুৰণিবোৰে আমুৱাইছে। ৰাজনীতিত এতিয়া নতুন মুখৰ প্ৰয়োজন, যি নতুন মুখ আহিব লাগিব উদ্যমভৰা যুৱ সমাজৰ পৰা। আজিৰ ছাত্ৰ-যুৱশক্তিয়ে ৰাজপথ এৰি সংসদৰ মজিয়াত বলিষ্ঠ কণ্ঠেৰে দপদপাব লাগিব, দাবীবোৰ-প্ৰাপ্য অধিকাৰবোৰ সজোৰে উত্থাপন কৰিব লাগিব। তেতিয়াহে অসমৰ ৰাজনীতিত নতুন বা বলিব, নতুন দিগন্তৰ সূচনা হ’ব। শেষত আকৌ কওঁ-ৰাজনীতিত নতুন মুখৰ আৱিৰ্ভাৱ হওঁক, যুৱশক্তিয়ে ৰাজনীতি কৰক।