Breaking

আপুনি দিনটোত ৩ কাপতকৈ অধিক চাহ খাই নেকি?

0 93

আপুনি দিনটোত কেই কাপ চাহ খাই? চাহ হৈছে এনে এক পানীয়, যিটো ভাৰতত পানীৰ পিছত সৰ্বাধিক পৰিমাণে সেৱন কৰা হয়। কিন্তু কিছুমান মানুহে অতিৰিক্তভাৱে চাহ সেৱন কৰে, যাৰ বাবে স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে। ভাৰতত চাহ ভালপোৱা লোকৰ অভাৱ নাই, চাহৰ চুমুকৰ অবিহনে মানুহৰ মূৰৰ বিষ আৰু ভাগৰুৱা দেহা জীপাল নহয়, চাহে সতেজতা আৰু সকাহ দিয়ে। কিন্তু কিছুমান মানুহৰ চাহৰ প্ৰতি এক অদ্ভুত নিচা আছে, তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহু কাপ চাহ খায়, তেওঁলোকে যদিও জানে যে চাহ অত্যধিক সেৱনে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে তথাপিও তেওঁলোকে চাহ খোৱাৰ নকমাই। আমি এদিনত কেই কাপ চাহ খাব লাগে জানেনে…

আমি সকলোৱে জানো যে চাহত কেফেইন থাকে, যি স্বাস্থ্যৰ বাবে ইমান ভাল বুলি গণ্য কৰা নহয়। যদিও চাহপাতৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে, কোনটো ব্ৰেণ্ডত কিমান কেফেইন থাকিব। সাধাৰণতে একাপ চাহত প্ৰায় ৬০ মিলিগ্ৰাম কেফেইন থাকে। এই অনুসৰি দিনটোত ৩ কাপতকৈ অধিক চাহ খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে।

বেছিকৈ চাহ খোৱাৰ অসুবিধা-
দিনটোত ৪ কাপ বা তাতকৈ অধিক চাহ খালে এই পানীয়ত থকা টেনিনে শৰীৰত থকা আইৰণ শোষণ ক্ষমতা হ্ৰাস কৰে। নিৰামিষভোজীসকলৰ বাবে অত্যধিক চাহ সেৱনে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

মূৰ ঘুৰণি
চাহত কেফেইনৰ পৰিমাণ অতি বেছি, যাৰ ফলত আমাৰ মগজুত বেয়া প্ৰভাৱ পৰিব পাৰে, যাৰ বাবে ই মূৰ ঘূৰোৱাৰ সৃষ্টি কৰিব পাৰে, গতিকে বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই বেছিকৈ চাহ সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে।

হাৰ্টবাৰ্ণ
যদি আপুনি দিনটোত ৫ৰ পৰা ১০ কাপ চাহ খায়, তেন্তে এচিড ৰিফ্লাক্সৰ সমস্যা বাঢ়ি যায়, যাৰ বাবে আপুনি বুকুৰ বিষৰ অভিযোগ কৰিব পাৰে। গতিকে আপোনাৰ এই চাহ খোৱাৰ এই অভ্যাসটো ত্যাগ কৰিবলৈ চেষ্টা কৰক।

টোপনিৰ অভাৱ
চাহে আপোনাক সতেজতা দিয়ে যাতে আপুনি দিনটোৰ গুৰুত্বপূৰ্ণ কামবোৰ টেনচন নোহোৱাকৈ কৰিব পাৰে, কিন্তু নিয়মীয়াকৈ যদি অবিৰতভাৱে চাহ খাই থাকে তেন্তে টোপনি নোহোৱাৰ সমস্যা হ’ব পাৰে।

Leave A Reply