আপোনাক বাৰু মহে বেছিকে কামোৰে নেকি বা আপুনি মহৰ কামোৰত অতিষ্ঠ হৈ পৰিছে নেকি…

আপোনাক বাৰু মহে বেছিকে কামোৰে নেকি? জানেনে কিছুমান ব্যক্তিক মহে কিয় বেছিকৈ কামোৰে।বাৰিষা কালছোৱাত আমি  নানা সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। এই সমস্যাবোৰৰ ভিতৰত অন্যতম সমস্যা হৈছে -মহ৷ এই সময়খিনিত বছৰৰ আন সময়তকৈ মহৰ প্ৰাৰ্দুভাৱ বেছি ৷ মহৰ বাবে বহু ভয়াৱহ ৰোগৰো সৃষ্টি হ’ব পাৰে৷ জানো আহক, মানুহৰ  কি ৰক্ত গ্ৰুপে মহক বেছি আকৰ্ষণ কৰে৷ মানৱ শৰীৰৰ পৰা নিৰ্গত কিছুমান ৰাসায়নিক পদাৰ্থই মহক বেছি আকৰ্ষিত কৰে। আৰু এই ৰাসায়নিক পদাৰ্থ যি সকলৰ দেহত অধিক পৰিমাণে থাকে সেইসকল লোকক  মহে বেছিকৈ কামোৰে!“মহে মোক ইমান কামোৰে কিয় ? এই প্ৰশ্নটো প্ৰায়ে আপোনাৰ মনলৈ আহে নেকি? বহুতো উত্তৰ বিচাৰি পোৱা নাই নেকি? বহুসময়ত এনে হয় যে আপুনি কৰবাত বহি কথা পাতি আছে, আপোনাৰ কাষত বহি থকা ব্যক্তিজনক মহে কামোৰাটো দূৰৈৰ, মহটো তেওঁৰ কাষলৈও যোৱা নাই।

A mature man dressed in a t shirt displays a strong reaction to the mosquito bites on his bare arm

আপুনি মহৰ কামোৰত অতিষ্ঠ হৈ পৰিছে! আপুনি জানেনে এনে কিয় হয়?বিভিন্ন অধ্যয়নে দেখুৱাইছে যে মহবোৰে কিছুমান লোকক সঁচাকৈয়ে ‘ভাল পায়’! যি সকল লোকৰ  শৰীৰে ঘামৰ জৰিয়তে অধিক পৰিমাণৰ লেকটিক এচিড, ইউৰিক এচিড, এমোনিয়া নিষ্কাশন কৰে, তেওঁলোকৰ মহবোৰে অধিক কামোৰে।

Related Articles