Breaking

আপুনি গুৰ খাব বেয়া পায় নেকি ? গুৰত আছে বহুতো উপকাৰি গুণ

0 5,897

উপকাৰিতা

শীতকালত গুৰ খোৱাটো উপযোগী কিয়নো ই শিৰা সম্প্ৰসাৰিত কৰাত সহায় কৰে আৰু শৰীৰত উষ্ণতা সৃষ্টি কৰে। গুৰ, চেনী বা খেজুৰ ব্যৱহাৰ কৰি খালে দেহৰ বাবে ভাল আৰু ইয়াত উচ্চ কেল’ৰি পদাৰ্থৰ দ্বাৰা উষ্ণতা সৃষ্টি হয়।  

লগতে, গুৰত অত্যাধিক পৰিমাণে পুষ্টি আৰু খনিজ থাকে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শৰীৰক গৰম কৰে, লগতে ঠাণ্ডা, কাহ আদি প্ৰতিৰোধ কৰে আৰু শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে বুলি জনা যায়। শীতকালত গুৰ অসমীয়া সমাজত যথেষ্ট খোৱা হয় কিয়নো এই সময়ত বজাৰত সহজে উপলব্ধ হয়।” 

গুৰৰ কেইবাটাও চিকিৎসা গুণ আছে, যেতিয়া আপুনি ইয়াক গৰম পানীত মিহলি কৰে আৰু খালী পেটত খায় তেতিয়া দেহৰ ওজন হ্ৰাস আৰু হজম উন্নত কৰাৰ উপৰি বহুতো সমম্যা দুৰ কৰে।  

গুৰৰ ভিতৰত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন C- অত্যাধিক পৰিমাণে লো পোৱা যায়, সেয়েহে এই মিঠা গৰম পানী খোৱাই শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু কণ্ঠৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

Leave A Reply