Breaking

কঁঠালৰ উপকাৰিতা বিষয়ে জানেনে? কঁঠাল কেঁচাই নে পকাই খাব লাগে…

0 110

কঁঠাল চুপাৰফুডতকৈ কম নহয়। কঁঠাল খালে শৰীৰৰ বহু উপকাৰ হয়। কঁঠাল কেঁচা আৰু পকা দুয়োটাৱে খোৱা হয়। আজি আমি আপোনালোকক জনাম কঁঠাল কেঁচাই খালে ভাল নে পকাই খালে ভাল-কঁঠাল চুপাৰফুডতকৈ কম নহয়। কঁঠাল হৈছে ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্টৰ এক ভঁৰাল। কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল কঁঠাল কেঁচা নে পকাই খালে বেছি উপকাৰ হয়-

গৱেষণাৰ মতে কেঁচা কঁঠালত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। আনহাতে, পকা কঁঠালত কাৰ্বহাইড্ৰেটৰ পৰিমাণ কেঁচা কঁঠালতকৈ কম। এনে পৰিস্থিতিত কেঁচা কঁঠাল অধিক উপকাৰী।

কঁঠালৰ গ্লাইচেমিক ইনডেক্স কম যাৰ বাবে তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে। ডায়েবেটিছ ৰোগীয়ে কঁঠাল খাব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব। কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল কপাৰ, মেংগানিজ, মেগনেছিয়াম, ভিটামিন এ, চি, ই থাকে, যিবোৰেও শৰীৰত তেজ তৈয়াৰ কৰাৰ কাম কৰে। বেছিভাগ মহিলাই আইৰণৰ অভাৱত ৰক্তহীনতাৰ বলি হয়। কঁঠাল খালে ৰক্তহীনতাৰ সমস্যা দূৰ হয়।

কঁঠালত থকা বিটা কেৰটিন চকুৰ বাবে অতি উপকাৰী। ই কৰ্ণিয়াৰ কাম-কাজত বহুত সহায় কৰে। হাড়ৰ বাবে যথেষ্ট ভাল কঁঠাল। কঁঠালতকেলচিয়াম, পটাছিয়াম, ফছফৰাছ, তাম, জিংক প্ৰচুৰ পৰিমাণে পোৱা যায়। আপোনাৰ হাড়ক মজবুত কৰি ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave A Reply