হালধিৰ সহায়ত পিঠিৰ চৰ্বি কৰিব পাৰিব হ্ৰাস! কেনেকৈ ব্যৱহাৰ কৰিব হালধি জানেনে…

কঁকাল আৰু পিঠিত বৃদ্ধি পোৱা চৰ্বিয়ে শৰীৰৰ আকৃতি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়। আমাৰ দেশত যুগ যুগ ধৰি হালধি ব্যৱহাৰ হৈ আহিছে। হালধিৰ ঔষধি গুণৰ বাবে ইয়াক ছুপাৰফুডৰ শ্ৰেণীতো ৰখা হৈছে। ৰন্ধন, প্ৰসাধন সামগ্ৰী আৰু ঔষধত হালধি ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে হালধি দ্বাৰা কঁকালৰ চৰ্বিও কম কৰিব পাৰি।


হালধিত পটাছিয়াম, ওমেগা-৩ ফেটি এচিড, প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ থাকে। কিন্তু আপুনি জানেনে যে হালধি কেৱল আপোনাৰ শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰাই নহয় ওজন কমাবলৈও অতি ফলপ্ৰসূ। দৈনিক একাপ হালধি চাহ খালে আপোনাৰ ওজন কমাব পাৰে।

এটা পাত্ৰত পানী অলপ লৈ লওক। তাত আদা আৰু হালধিৰ গুড়ি কম পৰিমাণে দিব। এতিয়া উতলিবলৈ দিয়ক। উতলিবলৈ আৰম্ভ কৰিলে লগে লগে গেছটো বন্ধ কৰি ঠাণ্ডা হ’বলৈ দিব। কাপত ফিল্টাৰ কৰি চাহখিনি পৰিবেশন কৰক।

হালধি চাহৰ ৪ টা উপকাৰিতা জানি লওক-

১) শৰীৰত যদি কোনো ধৰণৰ সংক্ৰমণ হয় তেন্তে এই চাহ আঁতৰোৱাত সহায়ক হয়।
২) এই চাহে মেটাবলিক চিনড্ৰম প্ৰতিৰোধ কৰে। এই চিনড্ৰম মেদবহুলতাৰ সৈতে জড়িত বুলি ধৰা হয়। বিপাকীয় পৰিৱৰ্তনৰ বাবে পেটৰ চাৰিওফালে চৰ্বি বৃদ্ধি পায়।
৩) হালধি চাহ খালে কলেষ্টেৰলৰ সম্ভাৱনা হ্ৰাস পায়। লগতে শৰীৰত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে।
৪) ইয়াৰ ফলত হজম শক্তি উন্নত হয়। ভাল হজম শক্তিৰ বাবে গেছ আৰু পেট ফুলাৰ দৰে কোনো সমস্যা নহয়।

Related Articles